ETV Bharat / bharat

ক'ৰণাৰ শেহতীয়া স্থিতিক লৈ নতুন দিল্লীত নৰেন্দ্ৰ মোদীৰ পৰ্যালোচনা বৈঠক

author img

By

Published : Jul 12, 2020, 2:01 AM IST

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহামাৰী ক'ৰণা ভাইৰাছক লৈ দেশৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকৰ আয়োজন কৰে । নতুন দিল্লীত মহামাৰী ক'ৰণা ভাইৰাছৰ লগত হোৱা যুঁজখনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগতে স্থানীয় বিষয়া বৰ্গৰ সহযোগীতাকো কৰিলে উচ্চ প্ৰশংসা ।

PM Modi calls for real-time national monitoring and replicating Delhi strategy in NCR
ক'ৰণাৰ শেহতীয়া স্থিতিক লৈ নতুন দিল্লীত নৰেন্দ্ৰ মোদীৰ পৰ্যালোচনা বৈঠক

নিউজ ডেস্ক, ১১জুলাই : শনিবাৰে এখন পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধন, নীতি আয়োগৰ সদস্য,কেবিনেট সচিব আৰু ভাৰত চৰকাৰৰ বহুকেইগৰাকী উচ্চ পৰ্যায়ৰ বিষয়াৰ সৈতে মলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ বিভিন্ন প্ৰান্তত ক'ৰণাৰ লগত হৈ থকা যুঁজখনৰ স্থিতিৰ সবিশেষ তথ্যৰ লগতে ভাইৰাছৰ বিৰুদ্ধে গ্ৰহণ কৰা প্ৰস্তুতি সন্দৰ্ভতো বুজ লয়। সকলোৱে ৰাজহুৱা স্থানত পৰিস্কাৰ পৰিচ্ছন্নতা আৰু সামাজিক দূৰত্ব বৰ্তাই আগবাঢ়ি যোৱাৰ আৱশ্যকতাক লৈয়ো নিৰ্দেশনা জনালে প্ৰধানমন্ত্ৰীয়ে । তেওঁ নিজ বক্তব্যত ক'ৰণা ভাইৰাছ সন্দৰ্ভত সকলোকে সচেতন কৰাৰ লগতে ইয়াৰ সংক্ৰমণ ৰোধৰ বাবে একেধাৰে অধিক জোৰ দি আগুৱাই যাবৰ উল্লেখ কৰি কয় এই যুঁজত যাতে কোনো ধৰণৰ অৱহেলা হ'ব নালাগে ।

আহমেদাবাদত 'ধনন্তৰী ৰথ'ৰ মাধ্যমৰে সকলো ফালে দৃষ্টি দি ক'ৰণা আক্ৰান্ত ৰোগীসকলক সেৱা আগবঢ়োৱাৰ দৰে কাৰ্যক আদৰণীয় পদক্ষেপ আখ্যা দি দেশৰ অন্যান্য প্ৰান্ততো এই ধৰণৰ পদক্ষেপ ল'বলৈ প্ৰধান মন্ত্ৰী গৰাকীয়ে জনালে আহ্বান । এই পৰ্যালোচনা বৈঠকতে নৰেন্দ্ৰ মোদীয়ে সকলো ৰাজ্যৰে অধিক ক'ৰণা আক্ৰান্ত অঞ্চল আৰু কণ্টেইনমেণ্ট জ'ন সমূহত কেন্দ্ৰীয় পৰ্যায়ৰ নিৰীক্ষণৰ লগতে পৰামৰ্শ প্ৰদানৰ বাবে দিলে নিৰ্দেশনা ।

লগতে পঢ়ক : অনিশ্চয়তাত ইষ্ট-ৱেষ্ট কৰিড'ৰৰ চাৰি লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ পূৰ্ণতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.