নিউজ ডেস্ক, 23 মে' : আকৌ এবাৰ মোডী চৰকাৰ ৷ 2014ৰ চাহৱালাৰ ভূমিকা পালন কৰি শাসনৰ বাঘজৰী ধৰা মোডীয়ে 2019ত অৱতীৰ্ণ হৈছিল চকীদাৰৰূপে ৷ চকীদাৰৰ ৰূপত বিজয় লাভ কৰি এইবাৰ মোডীয়ে ল'লে ফকিৰৰ নাম ৷ দেশবাসীক কৃতজ্ঞতা জনাই নৰেন্দ্ৰ মোডীৰ মন্তব্য- দেশবাসীয়ে এজন ফকিৰৰ মোনা ভৰাই দিলে ৷ 2019ৰ নিৰ্বাচন অভিলেখেৰে ভৰা নিৰ্বাচন আছিল৷ দেশৰ 130 কোটি জনতাক প্ৰনাম জনাই 2019ৰ লোকসভা নিৰ্বাচন গণতন্ত্ৰৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ঘটনা বুলি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷ এই বছৰৰ নিৰ্বাচনত সৰ্বাধিক ভোটদান হৈছিল৷ নিৰ্বাচনত যিসকল কৰ্মীয়ে আক্ৰমণ তথা হত্যাৰ বলি হ'বলগীয়া হ'ল তেওঁলোকলৈ শ্ৰদ্ধাঞ্জৱলি জ্ঞাপন কৰে নৰেন্দ্ৰ মোডীয়ে ৷
মহাভাৰতৰ কথা উল্লেখ কৰি তেওঁ কয় যে ভাৰতৰ জনতাই এই নিৰ্বাচনত মহাভাৰতৰ কৃষ্ণৰ ভূমিকা পালন কৰিছে ৷
চাৰিখন ৰাজ্যত হোৱা বিধানসভা নিৰ্বাচনত জয় হোৱা প্ৰাৰ্থীসকলক পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও কয় প্ৰধানমন্ত্ৰী মোডীয়ে ৷ দেশত দুৰ্নীতিৰ পৰা পৰিত্ৰাণ পাব বিচৰা লোকসকলৰ এই জয় হুলি কয় মোডীয়ে ৷ নিজে নাখাই দেশৰ জনতাৰ পেট পোহপাল দিয়া কৃষকক এই জয় অৰ্পণ কৰে মোদীয়ে ৷