ETV Bharat / bharat

দ্বিতীয় অৰ্থনৈতিক উদগনিমূলক পেকেজৰ বাবে বিত্তমন্ত্ৰীৰে মিলিত প্ৰধানমন্ত্ৰী মোডী

গৃহ মন্ত্ৰী অমিত শ্বাহ, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু বিত্ত মন্ত্ৰণালয়ৰ বহুসংখ্যক বিষয়ববীয়াৰে প্ৰধানমন্ত্ৰী মোডীৰ বৈঠক ৷ দ্বিতীয় অৰ্থনৈতিক উদগনিমূলক পেকেজ ঘোষণা কৰাৰ সম্ভাৱনা কেন্দ্ৰীয় চৰকাৰৰ ৷

author img

By

Published : May 2, 2020, 5:40 PM IST

দ্বিতীয় অৰ্থনৈতিক উদগনিমূলক পেকেজ ঘোষণা কৰাৰ সম্ভাৱনা কেন্দ্ৰীয় চৰকাৰৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

নেশ্যনেল ডেস্ক, 2 মে' : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে শীৰ্ষ মন্ত্ৰীসকলৰে এক বৈঠকৰ আয়োজন কৰে ৷ গৃহ মন্ত্ৰী অমিত শ্বাহ, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু বিত্ত মন্ত্ৰণালয়ৰ বহুসংখ্যক বিষয়ববীয়া এই বৈঠকত উপস্থিত থাকে ৷ কৰ'ণা ভাইৰাছৰ ফলত ঘোষণা কৰা লকডাউনৰ ফলত প্ৰভাৱান্বিত হোৱা খণ্ডসমূহক আৰ্থিক সাহাৰ্য প্ৰদান কৰিবৰ বাবে দ্বিতীয় অৰ্থনৈতিক উদগনিমূলক পেকেজ সম্পৰ্কত আলোচনা কৰিবৰ বাবে মন্ত্ৰীসকলৰে মিলিত হয় প্ৰধানমন্ত্ৰী মোডী ৷

প্ৰধানমন্ত্ৰী মোডীয়ে শ্বাহ আৰু সীতাৰমণৰ সৈতে বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰাৰ লগতে সূক্ষ্ম, লঘু আৰু মধ্যমীয়া প্ৰতিষ্ঠান (MSME) সমূহৰ মন্ত্ৰীসকলৰ সৈতে মত বিনিময় কৰে ৷

ভাৰতীয় অৰ্থনীতিক পুনৰুজ্জীৱিত কৰি তুলিবৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ আৰু বৰ্তমানৰ অৰ্থনৈতিক অৱস্থা সম্পৰ্কত বিত্ত মন্ত্ৰণালয়ে প্ৰধানমন্ত্ৰী মোডীৰ উপস্থিতিত এক বিশদ বিৱৰণ দাঙি ধৰিব বুলি জানিব পৰা গৈছে ৷

প্ৰধানমন্ত্ৰী গৰাকীয়ে ইতিমধ্য়েই নগৰ বিমান মন্ত্ৰণালয়, শ্ৰম আৰু শক্তি মন্ত্ৰণালয়ৰ সৈতে শুকুৰবাৰে এক বৈঠকত অংশগ্ৰহণ কৰিছিল ৷ ঘৰুৱা আৰু বৈদেশিক বিনিয়োগকাৰীক আকৰ্ষিত কৰিবৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ সম্পৰ্কত বৃহস্পতিবাৰেও মোডীয়ে বাণিজ্য আৰু MSME মন্ত্ৰণালয়ৰ সৈতে বিস্তৃত আলোচনা কৰিছিল ৷ এই বৈঠকৰ সময়তো প্ৰধানমন্ত্ৰীৰ সৈতে উপস্থিত আছিল গৃহ মন্ত্ৰী আৰু বিত্ত মন্ত্ৰী দুগৰাকী ৷

দুখীয়া মহিলা আৰু বয়োজ্যেষ্ঠ লোকৰ বাবে খাদ্য আৰু ৰন্ধন গেছ প্ৰদানৰ বাবে চৰকাৰে মাৰ্চ মাহত 1.7 লাখ কোটি টকাৰ উদগনিমূলক পেকেজ ঘোষণা কৰিছিল ৷ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, দ্বিতীয় অৰ্থনৈতিক উদগনিমূলক পেকেজ চৰকাৰে অতি সোনকালেই ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.