নেশ্যনেল ডেক্স, 3 জানুৱাৰীঃ ‘প্ৰধানমন্ত্ৰী কিষান সন্মান যোজনা’ৰ সৈতে নিজৰ নাম আৰু নথি-পত্ৰ সংযোজন নকৰা লোকসকলক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷ তেখেতে কয় যে, এই ক্ষুদ্ৰ ৰাজনীতিয়ে দেশৰ কৃষক সম্প্ৰদায়ৰ অধিক ক্ষতিসাধন কৰিছে ৷ "মই আশা কৰো যে, নতুন বছৰত যিসমূহ ৰাজ্য কিষান সন্মান যোজনাৰ সৈতে জড়িত হোৱা নাই সেইসমূহ ৰাজ্য এবছৰৰ ভিতৰতে ইয়াৰ অংশ হৈ উঠিব ৷" তুমাকুৰুতৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা ঘোষণা প্ৰধানমন্ত্ৰী গৰাকীৰ ৷ তেখেতে উক্ত অনুষ্ঠানতে চৰকাৰী আঁচনিৰ অন্তৰ্গত ছয় কোটি কৃষকক 12,000 কোটি টকা বিতৰণ কৰে ৷ লগতে কৃষি কৰ্ম বঁটা প্ৰাপ্ত কৃষকসকলক মাছধৰা সঁজুলিও বিতৰণ কৰে ৷
প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, "এই জাতীয় ৰাজনীতিয়ে কেতিয়াও কৃষকসকলক শক্তিশালী কৰিব নোৱাৰে ৷ আমাৰ চাৰকাৰখনে আপোনালোকৰ প্ৰয়োজনীয়তা আৰু আকাংক্ষা সমূহ বুজি পায় বাবে এই প্ৰকল্পসমূহ বাস্তবায়িত কৰাৰ ক্ষেত্ৰত চেষ্টা আব্যাহত ৰাখিছিল ৷" তেখেতে আৰু কয় যে, তেঁওলোকৰ শাসনকালত অৰ্থ সম্পূৰ্ণৰূপে দৰিদ্ৰ কৃষকসকলে লাভ কৰিছে যি ক্ষেত্ৰত পূৰ্বৰ চৰকাৰৰ দিনত মধ্যস্থতাকাৰীয়েহে গভীৰলৈকে শাসন কৰি আহিছিল ৷ ভাৰতবৰ্ষত এনে এক সময় আছিল যিসময়ত 1 টকা লাভৰ 15 পইচা দৰিদ্ৰসকলে লাভ কৰে আৰু বাকী 85 পইচা মধ্যস্থতাকাৰীৰ হাতলৈ যায় ৷ কিন্তু বৰ্তমান দিল্লীৰ পৰা যিমান পৰিমাণৰ ধন প্ৰেৰণ কৰা হয় সেই সমূহ ধন পোনপতীয়াকৈ সাধাৰণ কৃষক ৰাইজৰ হাতত পৰেগৈ ৷ উক্ত সমাৱেশতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষিক্ষেত্ৰৰ উন্নয়নৰ বাবে বিভিন্ন উদ্যোগৰ বিষয়েও ৰাইজক অৱগত কৰে ৷ আনহাতে, মৎস্য প্ৰকল্পসমূহৰ বিষয়ে মন্তব্য প্ৰকাশ কৰি তেখেতে কয় যে, গ্ৰামাঞ্চলসমূহত মৎসপালকৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট আৰ্থিক অনুদান প্ৰদান কৰাৰ উপৰিও মৎস্য সংক্ৰান্তীয় আন্তঃগাঠনিৰো ব্যৱস্থা কৰা হৈছে ৷
লগতে পঢ়ক-গোলাঘাটত উত্তেজনাঃ নিশা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ ঘৰলৈ দুবৃত্তৰ গুলীবৰ্ষণ