ETV Bharat / bharat

কেদাৰনাথ ধামত বৰফৰ শুভ্ৰ আচ্ছাদন - কেদাৰনাথ ধামত বৰফৰ শুভ্ৰ আচ্ছাদন

বৰফেৰে আবৃত হৈ পৰিছে উত্তৰাখণ্ডৰ পবিত্ৰ কেদাৰনাথ ধামৰ চৌহদ । আজি বন্ধ হৈ থাকিব কেদাৰনাথ, যমোনাত্ৰীৰ দ্বাৰ । বৰফাবৃত কেদাৰনাথৰ নয়নাভিৰাম দৃশ্যই মন্ত্ৰমুগ্ধ কৰিছে পৰ্যটকক ।

কেদাৰনাথ ধামত বৰফৰ শুভ্ৰ আচ্ছাদন
কেদাৰনাথ ধামত বৰফৰ শুভ্ৰ আচ্ছাদন
author img

By

Published : Nov 16, 2020, 12:22 PM IST

নেশ্যনেল ডেস্ক, ১৬ নৱেম্বৰ: শীতৰ আগমণে দুগুণ বৃদ্ধি কৰিছে কেদাৰনাথ ধামৰ সৌন্দৰ্য । সোমবাৰৰ পৰা তুষাৰপাতৰ বাবে বন্ধ কৰি দিয়া হৈছে উত্তৰাখণ্ডৰ প্ৰসিদ্ধ কেদাৰনাথ ধামৰ দ্বাৰ । পুৱা ৮.৩০ বজাত মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়া হয় । মন্দিৰ আৰু চৌপাশৰ পাহাৰবোৰ বৰফে ঢাকি ধৰাত পাহাৰীয়া অঞ্চলৰ তাপমাত্ৰা নিম্নগামী হয় । বৰফৰ শুভ্ৰ আচ্ছাদন পৰিলক্ষিত হৈছে কেদাৰনাথ ধামত । পবিত্ৰ ধৰ্মস্থানভাগ গৌৰীকুণ্ডৰ পৰা ২২ কিলোমিটাৰ উচ্চতাত মন্দাকিনী নদীৰ সমীপত গঢ়ৱাল হিমালয় পৰ্বতমালাত অৱস্থিত । মন্দিৰৰ দুৱাৰ বন্ধ কৰাৰ সময়ত উপস্থিত হোৱা ভক্তসকলে নান্দনিক সৌন্দৰ্য উপভোগ কৰাত ব্যস্ত হৈ পৰিছে ।

কেদাৰনাথ ধামত বৰফৰ শুভ্ৰ আচ্ছাদন
কেদাৰনাথ ধামত বৰফৰ শুভ্ৰ আচ্ছাদন

শীতকালত সমগ্ৰ পাহাৰীয়া অঞ্চলটোত থকা বাসগৃহবোৰ বৰফে আৱৰি ধৰাত অধিক আকৰ্ষিত হৈছে পৰ্যটকসকল । পাতলীয়া তুষাৰপাতৰ মাজতে কেদাৰনাথ দৰ্শন কৰে ভক্তবৃন্দই । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পূৰ্বানুমান কৰা মতে, উত্তৰ কাশী, ৰুদ্ৰপ্ৰয়াগ, চাম'লী, বাগেশ্বৰ জিলাৰ কোনো কোনো স্থানত আৰু তিহৰী, দেৰাদুন আৰু আল্মোৰা জিলাৰ পৃথক পৃথক স্থানত পাতলীয়া বৰষুণ আৰু তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে ।

কেদাৰনাথ ধামত বৰফৰ শুভ্ৰ আচ্ছাদন
কেদাৰনাথ ধামত বৰফৰ শুভ্ৰ আচ্ছাদন

উত্তৰাখণ্ডৰ ৩,০০০ মিটাৰ আৰু তাতোকৈ অধিক উচ্চতাৰ পাহাৰীয়া স্থানত তুষাৰপাত হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে বতৰ বিজ্ঞান বিভাগে । উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ক্ৰমে যোগী আদিত্য নাথ আৰু ত্ৰিবেন্দ্ৰ সিঙ ৰাৱতে সোমবাৰে মন্দিৰৰ দ্বাৰ বন্ধ কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:মহাৰাষ্ট্ৰত মহিলাক এছিড ঢালি জীৱন্তে জ্বলাই দিয়া অভিযুক্তক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.