ETV Bharat / bharat

পুনৰ পেট্ৰ'লৰ মূল্যবৃদ্ধি

author img

By

Published : Aug 18, 2020, 3:20 PM IST

পেট্ৰ'লৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণক। ৰাজধানী দিল্লীত মঙলবাৰে প্ৰতি লিটাৰ পেট্ৰ'লত ১৭ পইচাকৈ বাঢ়ি মূল্য হ'লগৈ ৮০.৯০টকা । দেওবাৰৰ পৰা একেৰাহে মূল্যবৃদ্ধি হৈ আছে পেট্ৰ'লৰ। যোৱা ২৯জুনত পেট্ৰ'লৰ মূল্যবৃদ্ধি হোৱাৰ ৪৭ দিনত পিছত পুনৰ দেওবাৰে প্ৰতি লিটাৰ পেট্ৰ'লত বাঢ়িল ১৪ পইচাকৈ ।

পেট্ৰ'লৰ আকাশলংঘী মূল্যবৃদ্ধি
পেট্ৰ'লৰ আকাশলংঘী মূল্যবৃদ্ধি

১৮আগষ্ট,গুৱাহাটী;

পুনৰ বৃদ্ধি পালে পেট্ৰ'লৰ মূল্য। পেট্ৰ'লৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণক। দেওবাৰৰ পৰা একেৰাহে হৈ থকা মূল্যবৃদ্ধিৰ তৃতীয়টো দিনত মঙলবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত ১৭ পইচাকৈ দাম বৃদ্ধি হৈছে । আনহাতে পেট্ৰ'লৰ মূল্যবৃদ্ধি বিশ্বৰ খনিজ তেলৰ বজাৰৰ বাবে ইতিবাচক সংকেত হিচাপে পৰিগণিত হৈছে। যোৱা ২৯জুনত পেট্ৰ'লৰ মূল্যবৃদ্ধি হোৱাৰ ৪৭ দিনত পিছত পুনৰ দেওবাৰে পুনৰ পেট্ৰ'লৰ মূল্য বৃদ্ধি হৈছিল। দেওবাৰে প্ৰতি লিটাৰ পেট্ৰ'লত ১৪ পইচাকৈ বৃদ্ধি হোৱাৰ পিছত মঙলবাৰে ৰাজধানী দিল্লীত প্ৰতি লিটাৰত ১৭ পইচাকৈ বাঢ়ি পেট্ৰ'লৰ মূল্য হ'লগৈ ৮০.৯০টকা।

পেট্ৰ'লৰ আকাশলংঘী মূল্যবৃদ্ধি
পেট্ৰ'লৰ আকাশলংঘী মূল্যবৃদ্ধি

জুন মাহৰ শেষভাগৰ পৰা নিয়মিত ৰূপত বৃদ্ধি পোৱা ডিজেলৰ মূল্য বিগত ২সপ্তাহ ধৰি সালসলনি হোৱা নাই । অইল মাৰ্কেটিং কোম্পানীৰ তথ্য অনুসৰি আন্ত:ৰাষ্ট্ৰীয় বজাৰত পেট্ৰ'লৰ মূল্য যথেষ্ট বৃদ্ধি হৈ থকাৰ পৰিণামস্বৰূপে ভাৰততো মূল্য বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । অৱশ্যে ডিজেলৰ মূল্য এতিয়াও একেই আছে । ভাৰতত কৰ'ণা মহামাৰীৰ ভয়াৱহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আগষ্ট মাহত পেট্ৰ'লৰ ব্যৱহাৰ হ্ৰাস হোৱা ঘটনাই আৰ্থিক অৱনতিকে সূচাইছে । বৰ্তমান পেট্ৰ'লৰ মূল্যবৃদ্ধি এনেকুৱা সময়ত হৈছে যে, আন্ত:ৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি গেলনত ৪৫ডলাৰ বৃদ্ধি পাইছে । দেশৰ ৰাজধানী চহৰ দিল্লীৰ লগতে বিভিন্ন ৰাজ্যৰ চহৰসমূহতো পেট্ৰ'লৰ মূল্যবৃদ্ধিয়ে মাধমাৰ সোধাইছে সৰ্বসাধাৰণক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.