ETV Bharat / bharat

দিল্লীত পাকিস্তান জিন্দাবাদ ধ্বনি দি আৰক্ষীৰ ৰোষত ৬ গৰাকী ব্য়ক্তি

author img

By

Published : Jan 24, 2021, 6:16 PM IST

দেওবাৰে ৰাতিপুৱা ৰাজধানী চহৰৰ খান মাৰ্কেট মেট্ৰ' ষ্টেচনৰ ওচৰৰ এটা পৰিয়ালৰ মাজত ই-বাইক প্ৰতিযোগিতাৰ সময়ত 'পাকিস্তান জিন্দাবাদ' শ্লোগান দিয়া হৈছিল । বিষয়টো সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে দিল্লী আৰক্ষীয়ে ।

দিল্লীত পাকিস্তান জিন্দাবাদ ধ্বনি দি আৰক্ষীৰ ৰোষত ৬ গৰাকী ব্য়ক্তি
দিল্লীত পাকিস্তান জিন্দাবাদ ধ্বনি দি আৰক্ষীৰ ৰোষত ৬ গৰাকী ব্য়ক্তি

নিউজ ডেস্ক , ২৪ জানুৱাৰী : দিল্লীত পাকিস্তান জিন্দাবাদ ধ্বনি দি আৰক্ষীৰ ৰোষত পৰিল ৬ গৰাকী ব্য়ক্তি । দেওবাৰে পুৱতি নিশা মেট্ৰ' ষ্টেচনৰ সমীপৰ খান মাৰ্কেট অঞ্চলত এই ঘটনা সংঘটিত হয় । নিশা প্ৰায় ১ মান বজাত তুঘলক ৰোড আৰক্ষীয়ে লাভ কৰা এটা ফোন কলৰ ভিত্তিত সেই স্থানত উপস্থিত হৈ পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া ৩ গৰাকী মহিলা ,২ জন যুৱক আৰু এজন কিশোৰক আটক কৰে ।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে ইণ্ডিয়া গেটলৈ আহিছিল এটা পৰিয়াল আৰু উলু নামৰ ই বাইক ভাড়া কৰিছিল । তেওঁলোকে উলু বাইকেৰে প্ৰতিযোগিতা কৰাৰ সিদ্ধান্ত লৈছিল আৰু সেই সময়ত পাকিস্তানকে ধৰি আন আন দেশৰ নাম লৈ চিঞৰিছিল বুলি আৰক্ষীক অৱগত কৰিছে লোক কেইজনে । অৱশ্য়ে আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্য়াহত ৰাখিছে ।

লগতে পঢ়ক :উত্তৰ প্ৰদেশৰ ৰাজপথত নিৰ্মাণ দেশৰ প্ৰথম এয়াৰষ্ট্ৰিপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.