নেশ্যনেল ডেস্ক, 3 জানুৱাৰী: কেইদিনমানৰ পূৰ্বে ওড়িশাৰ কটকত আঠগড় বন বিভাগে চোৰাং সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা এটা দুষ্প্ৰাপ্য বনৰৌ শনিবাৰে পুনৰ হাবিত এৰি দিয়ে ৷ আঠগড় বন বিভাগৰ ডি এফ অ' সস্মিতা লেনকায়ে জনোৱা মতে, কেইদিনমানৰ পূৰ্বে এটা চোৰাং চিকাৰীৰ দলে সৰবৰাহৰ বাবে লৈ অনা এটি বনৰৌ অতি শোচনীয় অৱস্থাত উদ্ধাৰ কৰে ৷ উদ্ধাৰৰ পাচতে স্বাস্থ্য পৰীক্ষা কৰি পৰ্যৱেক্ষণৰ বাবে বন বিভাগৰ নজৰত ৰখাৰ ব্যৱস্থা কৰে ৷ উন্নত চিকিৎসা প্ৰদান কৰি বনৰৌটোক শনিবাৰে পুনৰ হাবিত এৰি দিয়ে ৷
উল্লেখ্য যে, বনৰৌৰ চোৰাং সৰবৰাহকাৰীৰ এটা দলক এবছৰ আগতেও কটাকত আটক কৰা হৈছিল, য'ত 13 জন সৰবৰাহকাৰী আছিল ৷ যোৱাটো বছৰৰ ভিতৰত ওড়িশাৰ কটকত বনৰৌ সৰবৰাহৰ বহু কেইটা ঘটনা সংঘটিত হৈছে ৷ সম্প্ৰতি বন বিভাগে চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে চোকা নজৰ ৰাখিছে ৷