নিউজ ডেস্ক, ২০ জুনঃ শুকুৰবাৰে পুনৰ যুদ্ধ বিৰতি উলংঘা কৰে পাকিস্তানে । জম্মু-কাশ্মীৰৰ তংগাধৰ চেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাত গুলিবৰ্ষণ কৰি পাকিস্তানী সেনাই পুনৰ যুদ্ধ বিৰতি উলংঘা কৰে বুলি জানিবলৈ দিয়ে ভাৰতীয় সেনা বিষয়াই ।

সেনা বিষয়া গৰাকীৰ ভাষ্য অনুসৰি, ২০২০ চনৰ ১৯ জুনৰ সন্ধিয়া পাকিস্তানী সেনাই গুলীবৰ্ষণৰ লগতে অন্য বিস্ফোৰক সামগ্ৰীৰে ভাৰতৰ তংগাধৰ চেক্টৰৰ দিশে নিক্ষেপ কৰি পুনৰ যুদ্ধ বিৰতি উলংঘা কৰে । ঘটনা সন্দৰ্ভত বৰ্তমান পৰ্যন্ত কোনো লোক হতাহতি হোৱাৰ খবৰ লাভ কৰা নাই যদিও ভাৰতীয় সেনাই পাক সেনাৰ এই আক্ৰমণক উচিত প্ৰত্যুত্তৰ দিব বুলিও সদৰি কৰে ।