নিউজ ডেস্ক, 7 জুন : ভাৰত-পাক সীমান্তত বাৰে বাৰে যুদ্ধ বিৰতি উলংঘা কৰিছে পাক সেনাই ৷ জম্মু-কাশ্মীৰৰ কেৰাণ আৰু ৰামপুৰ চেক্টৰত নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে গুলীবৰ্ষণ পাক সেনাৰ ৷ দেওবাৰে দিনটোত দুবাৰকৈ যুদ্ধ বিৰতি উলংঘা কৰে পাকিস্তানৰ সেনাই ৷ যোৱা নিশাও বাৰমুল্লা জিলাত সংঘটিত হৈছিল গুলীবৰ্ষণ ৷ সেনাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি পাকিস্তানৰ অগ্ৰাসনক তেওঁলোকে যোগ্য প্ৰত্যুত্তৰ দিয়াৰ লগতে শত্ৰু সেনাৰ অৱস্থিতিক প্ৰতি নিয়ত নজৰত ৰাখিছে ৷
লগতে পঢ়ক : মধ্যপ্ৰদেশত আৰক্ষী আৰু নক্সালবাদীৰ মাজত গুলীয়াগুলি