নিউজ ডেস্ক,২৮ ফেব্ৰুৱাৰী : জম্মু-কাশ্মীৰত পুনৰ পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন। বৃহস্পতিবাৰে সীমান্তত দ্বিতীয়বাৰৰ বাবে যুদ্ধবিৰতি উলংঘনমূলক গুলীবৰ্ষণ সংঘটিত কৰে পাকিস্তানে। দুপৰীয়া ২:১৫ বজাত ৰজৌৰি জিলাৰ নৌসেৰা চেক্টৰত ভাৰতীয় সেনাৰ লক্ষ্য কৰি পাকিস্তানে সংঘটিত কৰে গুলীবৰ্ষণ।
পাকিস্তানৰ গুলীবৰ্ষণৰ প্ৰত্যুত্তৰত ভাৰতেও অব্যাহত ৰাখিছে সংঘৰ্ষ। বৰ্তমানেও দুয়োপক্ষৰ মাজত অব্যাহত আছে গুলীচালনা। ইয়াৰ পূৰ্বেও ৰাজ্যখনৰ পুঞ্চ চেক্টৰৰ কৃষ্ঞ ঘাটি অঞ্চলত বৃহস্পতিবাৰে ৰাতিপুৱা যুদ্ধবিৰতি উলংঘন কৰি গুলীবৰ্ষণ সংঘটিত কৰিছি পাকিস্তানে । নিয়ন্ত্ৰণৰেখাৰ সমীপত উচ্চ ক্ষমতাসম্পন্ন মৰ্টাৰেৰে ভাৰতীয় সেনা বাহিনীক আক্ৰমণ চলাইছি পাকিস্তানৰ সেনাই ।