ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ পুঞ্চ আৰু ৰাজৌৰীত পাকিস্তানৰ বোমাবৰ্ষণ - পাকিস্তান সেনা

জম্মু-কাশ্মীৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিয়ন্ত্ৰণৰেখাত পাকিস্তানে পুনৰ যুদ্ধবিৰতি উলংঘণ কৰিছে । সীমান্তৱৰ্তী পুঞ্চ আৰু ৰাজৌৰী জিলাত বিগত দুদিন ধৰি পাকিস্তানী সেনাই অব্যাহত ৰাখিছে বোমাবৰ্ষণ ।

জম্মু-কাশ্মীৰৰ পুঞ্চ আৰু ৰাজৌৰীত পাকিস্তানৰ বোমাবৰ্ষণ

author img

By

Published : May 4, 2020, 9:48 AM IST

নিউজ ডেস্ক, ৪ মে' : ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তত পুনৰ অশান্তিৰ সৃষ্টি কৰিছে পাকিস্তানে । দেওবাৰে নিশাৰ ভাগত জম্মু-কাশ্মীৰ ভাৰত পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পুঞ্চ আৰু ৰাজৌৰী জিলাত পুনৰ মৰ্টাৰ আৰু মেচিনগানেৰে আক্ৰমণ সংঘটিত কৰে পাকিস্তানী সেনাই । প্ৰতিৰক্ষা বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াই উল্লেখ কৰিছে এই তথ্য ।

নিয়ন্ত্ৰণৰেখাৰ সমীপৱৰ্তী পুঞ্চ জিলাৰ বালাকোট ছেক্টৰ আৰু ৰাজৌৰী জিলাৰ মাঞ্জাকোটে ছেক্টৰত ধাৰাসাৰ আক্ৰমণ সংঘটিত কৰে পাকিস্তানী সেনাই । দেওবাৰে নিশা প্ৰায় ১০ বজাৰ পৰা দীৰ্ঘসময় ধৰি অব্যাহত থাকে পাকিস্তানী সেনাৰ এই আক্ৰমণ । অৱশ্যে পাকিস্তানী সেনাৰ দ্বাৰা সংঘটিত গুলিবৰ্ষণত ভাৰতীয় সেনাৰ কোনো ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে ।

পাকিস্তানী সেনাই বিগত কিছুদিনৰ পৰা সীমান্তত চূড়ান্তৰূপে উলংঘণ কৰি আহিছে যুদ্ধবিৰতি চুক্তি । শেহতীয়াকৈ পাকিস্তানৰ দ্বাৰা সংঘটিত যুদ্ধবিৰতি উলংঘণত ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলত শিশুকে ধৰি বহুকেইগৰাকী অসামৰিক লোক নিহত হৈছিল । পাকিস্তানী সেনাৰ দ্বাৰা সংঘটিত এই ছায়া যুদ্ধৰ প্ৰত্যুত্তৰ ভাৰতীয় সেনাই প্ৰদান কৰি আহিছে বুলি প্ৰতিৰক্ষা বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়কঃ হিন্দৱাৰাত সুৰক্ষা বাহিনীৰ হত্যাত স্তম্ভিত কংগ্ৰেছ : তদন্তৰ দাবী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.