নিউজ ডেস্ক, 2 জুলাই : পাকিস্তান সেনাৰ মুখপাত্ৰ তথা জনসম্পৰ্কৰক্ষী কোষ, ইন্টাৰ চাৰ্ভিছেচ পাব্লিক ৰিলেশ্বনে নিয়ন্ত্ৰণৰেখাৰ সমীপৱৰ্তী পাকিস্তান অধ্যুষিত কাশ্মীৰৰ গিলগিট বাল্টিস্তানত 20,000 পদাতিক বাহিনী মোতায়েনৰ দাবী অস্বীকাৰ কৰিছে ৷ দায়িত্বজ্ঞানহীন আৰু ভুৱা বুলি সংবাদ মাধ্যমে প্ৰকাশ কৰা তথ্যক অস্বীকাৰ কৰিছে পাকিস্তানৰ সামৰিক বাহিনীৰ জনসম্পৰ্কৰক্ষী গোটটোৱে ৷ প্ৰকৃত নিয়ন্ত্ৰণৰেখাত ভাৰত-চীনৰ মাজত উদ্ভৱ হোৱা পৰিস্থিতিৰ মাজতে ইছলামাবাদে নিয়ন্ত্ৰণৰেখাৰ সমীপলৈ 20,000 সৈন্য প্ৰেৰণ কৰা বুলি বাতৰি সম্প্ৰচাৰ হৈছিল ৷
আইএছপিআৰে টুইটাৰৰ জৰিয়তে এই দাবী অস্বীকাৰ কৰাৰ লগতে আক্চাই চীনৰ সমীপৰ স্কাৰ্ডু বিমানঘাটি চীনে ব্যৱহাৰ কৰি থকাৰ বাতৰিও ভুৱা বুলি জনায় ৷ আইএছপিআৰৰ চীফ মেজ. জেন. বাবৰ ইফটিকাৰে এই কথা প্ৰকাশ কৰিছে ৷ এইদৰে কোনো অতিৰিক্ত বাহিনী আৰু চীনক পাকিস্তানৰ বিমানঘাটি ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাই বুলি শীৰ্ষ সামৰিক বিষয়াগৰাকীয়ে প্ৰকাশ কৰে ৷
-
...No such movement or induction of additional forces has taken place. We also vehemently deny presence of Chinese troops in Pakistan. (2/2)
— DG ISPR (@OfficialDGISPR) July 2, 2020 " class="align-text-top noRightClick twitterSection" data="
">...No such movement or induction of additional forces has taken place. We also vehemently deny presence of Chinese troops in Pakistan. (2/2)
— DG ISPR (@OfficialDGISPR) July 2, 2020...No such movement or induction of additional forces has taken place. We also vehemently deny presence of Chinese troops in Pakistan. (2/2)
— DG ISPR (@OfficialDGISPR) July 2, 2020
উল্লেখ্য যে, ভাৰত-পাকিস্তানৰ মাজত উদ্ভৱ হোৱা যুদ্ধকালীন পৰিস্থিতিৰ মাজতেই ভাৰত-পাক সীমান্তৰ নিয়ন্ত্ৰণৰেখা আৰু পাকিস্তান অধ্যুষিত কাশ্মীৰৰ গিলগিট বাল্টিস্তানলৈ পাকিস্তানে 20,000 অতিৰিক্ত পদাতিক সৈনিক প্ৰেৰণ কৰাৰ বাতৰি প্ৰকাশ পাইছিল ৷ প্ৰকৃত নিয়ন্ত্ৰণৰেখাত চীনক সহায় কৰিবলৈ পাকিস্তানে এইদৰে সেনাবাহিনীৰ বৃহৎ দল মোতায়েন কৰা বুলি প্ৰতিবেদন প্ৰকাশ পাইছিল ৷ বালাকোট ষ্ট্ৰাইকৰ পিচত এয়া সৰ্ববৃহৎ সামৰিক বাহিনীৰ দল মোতায়েন কৰা বুলি প্ৰকাশ পাইছিল পাকিস্তানৰ সংবাদমাধ্যমত ৷
লগতে পঢ়কঃ পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত পুটিন, ভাৰতৰ সৈতে উন্নত সামৰিক সম্পৰ্কৰ প্ৰতিশ্ৰুতি