ETV Bharat / bharat

ওড়িশাৰ দুৰ্ভগীয়া এহাল পিতৃ মাতৃয়ে মৃত পুত্ৰক জীয়াই ৰাখিলে কিদৰে ?

ওড়িশাৰ গনজাম জিলাৰ ভাঞ্জানগৰত এহাল পিতৃ মাতৃক চেল্যুট জনাইছে সকলোৱে ৷ দুৰ্ঘটনাত পতিত হোৱা নিজ পুত্ৰক বচাব নোৱাৰিলে যদিও নতুন জীৱন দিলে অসহায় 5 জনকৈ লোকক ৷ যাৰ বাবে মৃত্যু হৈও পুত্ৰৰ হৃৎপিণ্ড স্পন্দিত হৈ ৰ'ল কাৰোবাৰ হৃদয়ত ৷

author img

By

Published : Nov 7, 2019, 11:42 PM IST

ওড়িশাৰ দুৰ্ভগীয়া এহাল পিতৃ মাতৃয়ে মৃত পুত্ৰক জীয়াই ৰাখিলে কিদৰে ?

নিউজ ডেক্স, 7 নৱেম্বৰঃ মৃত্যু হৈও যেন জীয়াই থাকিল ওড়িশাৰ এজন যুৱক ৷ মৃত্যুৰ প্ৰাকক্ষণত অন্য পাঁচ জনক দি থৈ গ'ল নতুন জীৱন ৷ পুত্ৰক হেৰুৱাই শোকত ভাগি পৰা এয়া হৈছে এহাল পিতৃ মাতৃৰ কৰুণ কাহিনী ৷ ওড়িশাৰ গনজাম জিলাৰ ভাঞ্জানগৰৰ বাবুলি চেঠী আৰু মিট্টা চেঠীৰ জ্যেষ্ঠ পুত্ৰ সুৰজ 29 অক্টোবৰত এটা দুৰ্ঘটনাত পতিত হৈ সংকটজনক অৱস্থাত ভৰ্তি হৈছিল চিকিৎসালয়ত ৷ চিকিৎসকে বহু চেষ্টা চলাইছিল যদিও সুস্থ হৈ নুঠিল সুৰজ ৷ কিয়নো সুৰজৰ মগজু সম্পূৰ্ণৰূপে হৈ পৰিছিল বিকল ৷ কিন্তু তেওঁৰ শৰীৰৰ অন্য অংশ সমূহ সক্ৰিয় হৈ আছে বুলি জানিবলৈ দি চিকিৎসকে সুৰজৰ শৰীৰৰ সক্ৰিয় অংশ সমূহ অন্য কোনো অসুস্থ লোকক দান কৰিবলৈ পিতৃ মাতৃক আহ্বান জনায় ৷ প্ৰথম অৱস্থাত পিতৃ মাতৃয়ে চিকিৎসকৰ এই উপদেশ মানি লোৱা নাছিল যদিও পৰৰ্বতী সময়ত মান্তি হয় আৰু তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰে যে, পুত্ৰক বচাব নোৱাৰিলেও পুত্ৰৰ শৰীৰ দান কৰি এই পৃথিৱীত জীয়াই ৰাখিব নিজ পুত্ৰক ৷ তাৰ পাচতেই সুৰজৰ হৃৎপিণ্ড বিশেষ এম্বুলেঞ্চ যোগে মুম্বাইলৈ আনি এগৰাকী মহিলাৰ শৰীৰত কৰা হয় সংস্থাপন ৷ একেদৰে সুৰজৰ লিভাৰ, বৃক্ক আৰু চকু সংস্থাপন কৰা হয় অন্য চাৰি জন লোকৰ শৰীৰত ৷ সুৰজৰ পিতৃ মাতৃৰ এই সাহস আৰু মহানুভৱতাক এতিয়া চেল্যুট জনাইছে হাজাৰ জনে ৷ মহান পিতৃ মাতৃ হালে নিজ পুত্ৰক জীয়াই ৰাখিব নোৱাৰিলে যদিও নতুন জীৱন দিলে অসহায় 5 জনকৈ লোকক ৷ যাৰ বাবে মৃত্যু হৈও সুৰজৰ হৃদয়ে স্পন্দিত হৈ আছে এতিয়া কাৰোবাৰ হৃদয়ত ৷

Intro:Body:

IMMORTAL SURAJ#  

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.