ETV Bharat / bharat

ডিজিটেল ডিভাইড আৰু অনলাইন শিক্ষাদানঃ কি অৱস্থাত আছে শিক্ষাৰ্থীসকল - ডিজিটেল ডিভাইড

যিটো সময়ত ক’ভিড-19 ৰ ফলত বিদ্যালয়সমূহ বন্ধ হৈ পৰিছে তেনে সময়তে চৰকাৰে অনলাইন মাধ্যমেৰে শিক্ষাদানৰ ব্যৱস্থা কৰিছে ৷ এনে অৱস্থাত ডিজিটেল ডিভাইড অধিক ৰূপত স্পষ্ট হৈ পৰিছে ৷ বিশেষকৈ গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে এইটো অধিক প্ৰত্যাহ্বানমূলক হৈ পৰিছে ৷ ডিজিটেল ডিভাইড আৰু অনলাইন শিক্ষাদানৰ ওপৰত আমাৰ এক বিশেষ প্ৰতিবেদন ৷

অনলাইন ক্লাছ, শিক্ষাৰ্থীৰ বাবে এক নতুন প্ৰত্যাহ্বান

author img

By

Published : Aug 11, 2020, 2:52 AM IST

নিউজ ডেস্ক, 11 আগষ্ট : ক’ভিড-19ৰ পৰৱৰ্তী লকডাউনৰ সময়ত বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে দেশৰ শিক্ষাখণ্ড ৷ ইটিভি ভাৰতে নিয়মীয়াকৈ দেশৰ শিক্ষাখণ্ডৰ সন্দৰ্ভত প্ৰতিবেদন প্ৰকাশ কৰি আহিছে ৷ শেহতীয়াকৈ আমি উপস্থিত হৈছিলো মধ্যপ্ৰদেশৰ ৰাজধানী চহৰৰ পৰা 7 ঘন্টাৰ যাত্ৰাৰ দূৰত্বত থকা ঝাবুৱা জিলাত ৷ যদিও ভূপালৰ পাৰ ঝাবুৱালৈ মাত্ৰ 7 ঘন্টাৰ যাত্ৰা, শিক্ষা আৰু অন্যান্য সুবিধাৰ ক্ষেত্ৰত এতিয়াও তেওঁলোক বহু পিছপৰা ৷ আদিবাসীসকলৰ আধিপত্য থকা ঝাবুৱাৰ সাক্ষৰতাৰ হাৰ 43.3 শতাংশ ৷ বৰ্তমানে শিক্ষা ব্যৱস্থাই এক নতুন ধৰণ লাভ কৰিছে যদিও শিক্ষাৰ্থীসকলে তেওঁলোকৰ হাতত পৰ্যাপ্ত সুবিধা নথকা বাবে হাহাকাৰ কৰিছে ৷ যিসকলৰ হাতত উৎস আছে তেওঁলোকৰ বাবে ইন্টাৰনেট এক সমস্যা হৈ পৰিছে ৷

লগতে পঢ়কঃ হাৰিয়ানাৰ নুহ জিলা : মোবাইল ইন্টাৰনেট অবিহনে স্থবিৰ হৈছে অনলাইন শিক্ষা

মধ্যপ্ৰদেশৰ ঝাবুৱা জিলাৰ শিক্ষাৰ্থীসকল ইয়াৰ এক জলন্ত উদাহৰণ ৷ তেওঁলোকৰ সপোনবোৰ ডাঙৰ কিন্তু সেই সপোন পূৰণৰ বাবে তেওঁলোকৰ হাতত নাই উৎস ৷ এই গ্ৰাম্য অঞ্চলত অনলাইন শ্ৰেণীৰ কথা কোনেও চিন্তাও কৰিব নোৱাৰে ৷ জিলাখনৰ এগৰাকী শিক্ষাৰ্থী ৰেনুকাৰ শিক্ষকে তাইক টিভি অথবা ম’বাইল ফোন নাথাকিলেও পঢ়া-শুনা কৰিব লাগিব বুলি কয় ৷ ষষ্ঠ শ্ৰেণীৰ ৰেনুকাৰ সপোন এগৰাকী চিকিৎসক হোৱাৰ, কিন্তু তাইৰ নাই বিদ্যালয়লৈ যোৱাৰ কোনো সক্ষমতা অথবা ডিজিটেল শিক্ষাৰ মাধ্যম ৷

লগতে পঢ়কঃ দুখীয়াৰ ডিজিটেল শিক্ষা এক কঠিন প্ৰত্যাহ্বান

ৰেনুকাৰ দৰে শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলে তেওঁলোকৰ সন্তানৰ বাবে সকলো কৰিব বিচাৰিছে কিন্তু তেওঁলোকৰ বাবে এটা টিভি অথবা এটা ফোন ক্ৰয় কৰাৰ সক্ষমতা নাই ৷ যিসময়ত তেওঁলোকে নিজৰ পেটৰ ভাত দুমুঠিৰ কথা চিন্তা কৰিব নোৱাৰে তেনে সময়ত এই সপোন তেওঁলোকৰ বাবে এক অলীক কল্পনা মাথো ৷ চৰকাৰে এই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ 20 জুলাইৰ পৰা দূৰদৰ্শনৰ সহায়ত ঘৰ হামাৰা বিদ্যালয় আঁচনিৰ অধীনত শিক্ষাদানৰ কাম আৰম্ভ কৰিছে ৷ জিলাখনত 15,000 শিক্ষাৰ্থী আছে যাৰ নাই কোনো ফোন অথবা টিভি ৷ এইসকল শিক্ষাৰ্থীৰ বাবে গাঁও পঞ্চায়তে শিক্ষাদানৰ ব্যৱস্থা কৰিছে ৷ অৱশ্যে ইয়াৰ দ্বাৰাও শিক্ষাৰ্থীসকলৰ জীৱনত কোনো প্ৰভাৱ পৰিলক্ষিত হোৱা নাই ৷

ডিজিটেল ডিভাইড আৰু অনলাইন শিক্ষাদান

লগতে পঢ়কঃ ছত্তীশগড় : বস্তৰৰ ছাত্ৰৰ বাবে অনলাইন শিক্ষা সপোনৰো অগোচৰ

ঝাবুৱাত 2,538 খন চৰকাৰী বিদ্যালয়ত 3 লাখ শিক্ষাৰ্থী আছে আৰু 326 খন ব্যক্তিগত বিদ্যালয়ত 63,551 গৰাকী শিক্ষাৰ্থী আছে ৷ সাধাৰণ সুবিধাৰ ক্ষেত্ৰত চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে অধিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সমান্তৰালকৈ ব্যক্তিগত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলো বিভিন্ন সমস্যাত পৰিছে ৷ অৱশ্যে সংশ্লিষ্ট বিষয়াসকলে এইক্ষেত্ৰত অন্যধৰণে চিন্তা কৰি গম পাইছে যে অনলাইন শিক্ষাদান বিদ্যাৰ্থীসকললৈ গৈ পোৱা নাই ৷ শিক্ষাৰ্থীসকলৰ সৈতে শিক্ষকসকলে নিয়মীয়াকৈ বাৰ্তালাপৰ উপৰিও কিতাপ পত্ৰ বিতৰণ কৰিছে ৷ চৰকাৰে দাবী কৰে যে, ক্ষন্তেকৰ ভিতৰতে দেশৰ অফলাইন শিক্ষাদান প্ৰক্ৰিয়া অনলাইন হৈ পৰিছে ৷ এয়া শুনিবলৈ অতি সহজ, কিন্তু বাস্তৱত এখন বিপৰীত ছবিহে পৰিলক্ষিত হৈছে ৷ মধ্যপ্ৰদেশৰ গ্ৰামীণ অঞ্চলৰ শিক্ষাগত আন্তঃগাঁথনিয়ে চৰকাৰৰ এই দাবী সমূহৰ ওপৰত নিশ্চয়কৈ এক প্ৰশ্নৰ উত্থাপন কৰিছে আৰু অনলাইন শিক্ষাৰ ক্ষেত্ৰত যে এতিয়াও বহু কৰণীয় আছে তাকে পুনৰ প্ৰতিফলিত কৰিছে ৷

লগতে পঢ়কঃ লাটেহাৰ- নাই ইণ্টাৰনেট নাই ম'বাইল, কিদৰে সম্ভৱ অনলাইন ষ্টাডী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.