নেশ্যনেল ডেক্স , 8 ফেব্ৰুৱাৰী : পাব্লিক চেফটি আইনৰ অধীনত গ্ৰেপ্তাৰ আন এগৰাকী কাশ্মীৰি ৰাজনৈতিক নেতা ৷ পিপলচ ডেম'ক্ৰেটিক পাৰ্টীৰ নেতা নায়েম আখতাৰক গ্ৰেপ্তাৰ কৰা হয় বুলি সূত্ৰে প্ৰকাশ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী অমাৰ আব্দুলাহ আৰু মেহবুবা মুফটি পাব্লিক চেফটি আইনৰ অধীনত গ্ৰেপ্তাৰ হৈছিল ৷ এই আইনৰ দ্বাৰা প্ৰাক্তন পিপলচ ডেম'ক্ৰেটিক পাৰ্টীৰ মন্ত্ৰীও গ্ৰেপ্তাৰ হৈছিল ৷ উল্লেখ্য যে নায়েম আখতাৰ এই আইনৰ জৰিয়তে গ্ৰেপ্তাৰ হোৱা পিপলচ ডেম'ক্ৰেটিক পাৰ্টীৰ ছয়নম্বৰ নেতা ৷ এই আইনৰ জৰিয়তে 3 পৰা 24 মাহ লৈ বিনা বিচাৰে আটক কৰি ৰাখিব পাৰে ৷ জম্মু-কাশ্মীৰৰ ৰাজধানীৰ গোপকৰ ৰ'ডৰ এম-5 হাটত ৰখা হ'ব পিপলচ ডেম'ক্ৰেটিক পাৰ্টীৰ নেতা নায়েম আখতাৰক ৷ পূৰ্বতে নেশ্যনেল কনফাৰেঞ্চৰ সাধাৰণ সম্পাদক আলী মহম্মদ চাগৰ আৰু পিপলচ ডেম'ক্ৰেটিক পাৰ্টীৰ জেষ্ঠ নেতা চৰতাজ মাদানীও এই আইনৰ জৰিয়তে গ্ৰেপ্তাৰ হৈছিল ৷
আৰু পঢ়ক : দিল্লীৰ নিৰ্বাচনী ইতিহাসৰ বিষয়ে কিছু তথ্য