ETV Bharat / bharat

বাঘজানৰ তৈলখাদৰ পৰা নিৰ্গত গেছে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাইছে : WIIৰ প্ৰতিবেদন

author img

By

Published : Aug 3, 2020, 11:48 AM IST

কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰণালয়ৰ অধীনত ডেহৰাডুনৰ Wildlife Institute of India (WII) নামৰ সংস্থাটোৱে 27 মে’ত হোৱা বাঘজান বিস্ফোৰণৰ পাচত সেই স্থান পৰ্যবেক্ষণ কৰিছিল ৷ প্ৰতিবেদনত উল্লেখিত অনুসৰি,ভয়ংকৰ আৰু বিষাক্ত গেছ নিৰ্গত হৈছে,যিবোৰ সকলোৰে বাবে অতি বিপজ্জনক ৷

oil spill at Baghjan affected environment
বাঘজানৰ তৈলখাদৰ পৰা নিৰ্গত গেছে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাইছে

নিউজ ডেস্ক, 3 আগষ্ট: তিনিচুকীয়া জিলাৰ বাঘজানৰ তৈলকুণ্ডত সংঘটিত হোৱা বিস্ফোৰণৰ ফলস্বৰূপে প্ৰায় 60-70 হেক্টৰ জৈৱ বৈচিত্ৰৰ বাবে উপযোগী ভূমি নষ্ট হয় ৷ এই বিস্ফোৰণে ইয়াৰ কাষৰীয়া বিভিন্ন প্ৰজাতিৰ বিলুপ্তপ্ৰায় প্ৰজাতি আৰু সংৰক্ষিত বনাঞ্চলৰ বাবে ভাবুকি কঢ়িয়াই আনিছে ৷

কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰণালয়ৰ অধীনত ডেহৰাডুনৰ Wildlife Institute of India (WII) নামৰ সংস্থাটোৱে 27 মে’ত হোৱা বিস্ফোৰণৰ পাচত সেই স্থান পৰ্যবেক্ষণ কৰাৰ কথা এক প্ৰতিবেদনযোগে জানিবলৈ দিয়ে ৷

‘‘ প্ৰভাৱিত অঞ্চলত গছ,বিল,ৰিভাৰফ্ৰ’ণ্ট,নদী অঞ্চলৰ বিভিন্ন প্ৰজাতিৰ জীৱ,পখী আৰু স্তন্যপায়ী প্ৰাণীৰ ওপৰত প্ৰভাৱ পেলাইছে ৷ ভয়ংকৰ আৰু বিষাক্ত গেছ নিৰ্গত হৈছে, যিবোৰ সকলোৰে বাবে অতি বিপজ্জনক ৷ উক্ত ঘটনাৰ 7 সপ্তাহ পাৰ হোৱাৰ পাচতো ঘটনাস্থলীত জুই নিৰ্গত হোৱা বন্ধ হোৱা নাই’’ ৷

তৈলখাদত পুনৰ 9 জুনত গেছ বিস্ফোৰিত হৈছিল,যাৰ ফলত দুজন অগ্নি নিৰ্বাপক ব্যক্তিৰ মৃত্যু হয় ৷ ভাৰতীয় তেল নিগম কৰ্তৃপক্ষই বিদেশী বিশেষজ্ঞক নিয়োগ কৰে যদিও প্ৰায় দুমাহৰ পাচতো জুই নুমুৱাবলৈ সক্ষম হোৱা নাই ৷

বিস্ফোৰণস্থলীৰ আশে-পাশে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু মাগুৰী-মতাপুং জলাশয় অৱস্থিত,য’ত প্ৰায় 40 টা প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী,450 প্ৰজাতিৰ পক্ষী,104 প্ৰজাতিৰ মাছ,11 প্ৰজাতিৰ সৰীসৃপ প্ৰাণী,18 প্ৰজাতিৰ উভচৰ প্ৰাণী,23 প্ৰজাতিৰ সাপ,165 প্ৰজাতিৰ পখিলা আৰু 680 প্ৰজাতিৰ বিভিন্ন উদ্ভিদ আছে ৷

পৰ্যবেক্ষণত উল্লেখিত অনুসৰি,বিস্ফোৰণস্থলীৰ পৰা নিৰ্গত হোৱা নাইট্ৰ’জেন,ছালফাৰ ডাই অক্সাইড,কাৰ্বন মনোক্সাইড আৰু এইচ চি অ’ এইচে জীৱকূলৰ বাবে বিপদ মাতি আনিছে ৷

লগতে প্ৰতিবেদনত উল্লেখ কৰে যে,তৈলকুণ্ডটো বন্ধৰ ওপৰত গুৰুত্ব দিয়া উচিত আৰু জৈৱ বৈচিত্ৰ প্ৰণালীৰ ওপৰত পৰা প্ৰভাৱৰ মাত্ৰা হ্ৰাস কৰিবলৈ কোনো নতুন ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷ পূৰ্বেও ডিকম আৰু নাহৰকটীয়া-ডেওহাল তৈলক্ষেত্ৰত বিস্ফোৰণ সংঘটিত হৈছিল আৰু তাৰ পৰা একো শিকিব পৰা নগ’ল ৷

বিগত কিছুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰে আগন্তুক 2030 বৰ্ষলৈ 10 শতাংশ আমদানি কম কৰিবলৈ লক্ষ্য হিচাপে হাইড্ৰ’কাৰ্বনৰ অনুসন্ধান কৰে,যাৰ ফলত ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানসহ 7 টা স্থানত পৰীক্ষাৰ বাবে অইলৰ অনুমতি প্ৰদান কৰে ৷

কিন্তু প্ৰতিবেদনত উল্লেখিত অনুসৰি,ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, মাগুৰী-মতাপুং বিল,পবা সংৰক্ষিত বনাঞ্চল,কবু চাপৰি,অমৰপুৰ চাপৰিৰ আশে পাশে তৈলকুণ্ডৰ সংৰক্ষণ কৰাতো হানিকাৰক ৷ তৈলখাদসমূহৰ সংৰক্ষণৰ বাবে বৰ্তমানেও সঠিকভাৱে সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷ ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু অন্য সংৰক্ষিত বনাঞ্চলসমূহৰ সুৰক্ষাৰ হেতু মেচাকী,বাঘজান আৰু তিনিচুকীয়া তেল সম্প্ৰসাৰণ PMLৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব ৷

লগতে পঢ়ক : চৰাইদেউত বন্যহস্তীৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.