নিউজ ডেস্ক, 7 আগষ্টঃ জম্মু-কাশ্মীৰৰ সুৰক্ষা ব্যৱস্থা তদাৰক কৰি থকা অজিত দোভালে বুধবাৰে উপত্যকাটোৰ জনসাধাৰণৰ সৈতে একেলগে খাদ্যগ্ৰহণ কৰে ৷ অনুচ্ছেদ 370ক লৈ সৃষ্টি হোৱা সুৰক্ষাজনিত পৰিস্থিতিৰ বাবে বিগত কিছুদিনৰ পৰাই ৰাজ্যখনত বাহৰ পাতি আছে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাগৰাকীয়ে ৷
বুধবাৰে দিনৰ ভাগত ছোপিয়ান জিলাত নিৰাপত্তা বাহিনীৰ সৈতে বৈঠকত মিলিত হয় ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাগৰাকী ৷ জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্ৰধান দিলবাগ সিঙৰ সৈতে সুৰক্ষাজনিত আলোচনাত হোৱাৰ পিচতে নিৰাপত্তা বাহিনীৰ জোৱানসকলৰ সৈতেও কিছু সময় পাৰ কৰে দোভালে ৷