ETV Bharat / bharat

কেৱল অৰ্থনীতিয়েই নহয়, COVID19 এ গণতন্ত্ৰতো দীৰ্ঘস্থায়ী প্ৰভাৱ পেলাব ! - corona virus

সমগ্ৰ বিশ্বত মানৱ জাতিয়ে COVID19 ৰ আতংকৰ বিৰুদ্ধে যুঁজ দিছে, নতুন নীতি প্ৰস্তুত কৰা হৈছে, নতুন আইন প্ৰণয়ন কৰা হৈছে আৰু জনসাধাৰণৰ নতুন আচৰণ-বিধি উদয় হৈছে ৷ এই সমূহে গণতন্ত্ৰত দীৰ্ঘস্থায়ী প্ৰভাৱ পেলাব আৰু পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাচতো এনেধৰণেই চলি থাকিব ৷

COVID-19 might also leave a lasting imact on democracy

author img

By

Published : Apr 8, 2020, 5:54 PM IST

বিশ্বজুৰি COVID19 এ মহামাৰী ৰূপ ধাৰণ কৰিছে ৷ বিশ্ব অৰ্থনীতিত ইয়াৰ প্ৰভাৱ সম্পৰ্কে বিস্তৃত আলোচনা হৈছে ৷ যেনেকৈ নহওক, এই মহামাৰীয়ে সমগ্ৰ বিশ্বৰ গণতন্ত্ৰত এঠা দীৰ্ঘস্থায়ী প্ৰভাৱ পেলাব ৷ এই প্ৰাদুৰ্ভাৱৰ বাবে বহু সংখ্যক উন্নয়নশীল দেশে অগণতান্ত্ৰিকভাৱে যুঁজ কৰিব লগীয়া হৈছে আৰু এই যুঁজে নতুন সমীকৰণৰ উদ্ভৱ কৰিছে ৷ যি ভৱিষ্যতে চৰকাৰ আৰু জনতাৰ সম্পৰ্কত প্ৰভাৱ পেলাব ৷ বহু অঞ্চলত এই আতংকই গণতান্ত্ৰিক প্ৰক্ৰিয়াত ইতিমধ্যেই প্ৰভাৱ পেলাইছে ৷

ক্ষমতাৰ লক্ষ্য :

বিভিন্ন দেশত চৰকাৰে আপাতঃদৃষ্টিত এই মহামাৰীৰ বিৰুদ্ধে যুঁজ শক্তিশালী কৰাৰ চেষ্টা কৰাৰ বাবে অধিক শক্তি প্ৰদান কৰা হৈছিল ৷ প্ৰায় 50 খনতকৈও অধিক দেশত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে বহুকেইখন দেশত চৰকাৰে বিৰোধীৰ অধিকাৰক আক্ৰমণ কৰি পৰিস্থিতিৰ সুবিধা গ্ৰহণ কৰিছে ৷ উদাহৰণ স্বৰূপে হাংগেৰীত এনে এখন আইন প্ৰণয়ন কৰা হৈছে, য'ত প্ৰধানমনত্ৰীক অনিৰ্দিষ্ট কালৰ বাবে শাসনৰ ক্ষমতা প্ৰদান কৰিছে ৷

বৰ্ধিত চেন্সৰ :

বিশ্বৰ বহু কেইখন দেশৰ চৰকাৰে বৰ্তমান তথ্য চেন্সৰিঙৰ সহায় লৈছে ৷ কোনবোৰ তথ্য প্ৰচাৰ কৰা হ'ব সেইয়া নিৰ্ধাৰণ কৰাতো নিত্যান্তই প্ৰয়োজনীয় ৷ এই সময়ত যাতে ভুল তথ্যন প্ৰচাৰ নহয় সেই নিশ্চিত কৰা উচিত, কিন্তু কিছুমান দেশৰ সংবাদ মাধ্যমক অগণতান্ত্ৰিকভাৱে দমন কৰাও পৰিলক্ষিত হৈছে ৷ ইতিমধ্যেই থাইলেণ্ডত কিছু সাংবাদিকৰ ওপৰত মহামাৰী সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰাৰ বাবে গোচৰ জাপি দিয়াও পৰিলক্ষিত হৈছে ৷

বিক্ষোভৰ বিৰোধিতা :

সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে চূড়ান্ত পৰ্যায়ত অব্যাহত থকা বহু চৰকাৰ বিৰোধী প্ৰতিবাদ বন্ধ কৰি দিয়া হৈছে ৷ পৰিস্থিত স্বাভাৱিক হ'লে তেওঁলোক পুনৰ অনুৰূপ উদ্দেশ্যৰে ওলাই আহিব পাৰে নে নাই সেইয়া লক্ষ্যণীয় হ'ব ৷ বহুতে ধাৰণা কৰিছে যে, চৰকাৰে যিসমূহ প্ৰতিবাদ বন্ধ কৰিছে , তেওঁলোকক পুনৰ অনুমতি প্ৰদান নকৰে ৷

সামাজিক মিলামিচা বৃদ্ধি :

বীজাণু সংক্ৰমণ প্ৰতিৰোধৰ বাবে যি ধৰণে মানুহে সামাজিক দূৰত্ব বজাই ৰাখিছে, সেইয়াই এইটো প্ৰমাণ কৰে যে তেওঁলোক সামাজিকভাৱে সংযোগবিহীন হৈ পৰিছে ৷ এই মহামাৰী চলি থকাৰ মাজতে চৰকাৰৰ হস্তক্ষেপ অবিহনেই বহু সংখ্যক স্বেচ্ছাসেৱকৰ দল , মানুহ আগবাঢ়ি আহিছে প্ৰয়োজনীয় সকলক সহায়ৰ বাবে ৷ লোকসকলে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বৰঙণি আগবঢ়াই সমাজৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰিছে ৷ যদি মানুহে এইদৰে স্বইচ্ছাৰে ওলাই আহে, সামগ্ৰিকভাৱে সমাজত ই মহৎ প্ৰভাৱ পেলাব ৷

লগতে পঢ়ক : ভাৰতত COVID19 : বিগত 24 ঘন্টাত আক্ৰান্ত 773 গৰাকীসহ 5000ৰো অধিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.