ETV Bharat / bharat

পিপিই কীট্ছৰ অভাৱৰ অভিযোগত নয়দাত কৰ্মচাৰীৰ প্ৰতিবাদ - ব্যক্তিগত সুৰক্ষা সৰঞ্জামৰ অভাৱ নয়দাত

নয়দাৰ চৰকাৰী হাস্পতালত নিয়োজিত চেনিটাইজ কৰ্মচাৰীৰ জিলা দণ্ডাধীশ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাৱ্যস্ত । পিপিই কীট্ছৰ অভাৱৰ অভিযোগ কৰ্মচাৰীৰ ।

Noida: Workers at COVID-19 ward in hospital allege PPE shortage, DM assures safety kits

author img

By

Published : May 1, 2020, 10:15 AM IST

নয়দা, ১ মে' : নয়দাৰ চৰকাৰী হাস্পতালত কৰ্মৰত চেনিটাইজ কৰ্মচাৰীৰ পিপিই কীট্ছৰ অভাৱৰ অভিযোগ । প্ৰায় ১২ জনীয়া COVID-১৯ ৱাৰ্ডত কৰ্মৰত চেনিটাইজ কৰ্মীৰ এটা দলে বৃহস্পতিবাৰে জিলা দণ্ডাধীশৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাৱ্য়স্ত কৰে । দলটোৰ অভিযোগ হাস্পতালখনৰ COVID-১৯ ৱাৰ্ডত পিপিই কীট্ছৰ অভাৱ ।

এই প্ৰতিবাদৰ পাচতেই জিলা দণ্ডাধীশ সুহাছ এল ৱাইয়ে এই বিষয়ে তদন্ত কৰি শীঘ্ৰই সুৰক্ষা সামগ্ৰীৰ যোগান ধৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে ।

উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰত বৰ্তমানলৈকে ১৩৮ টা COVID-১৯ মহামাৰীত আক্ৰান্ত হোৱাৰ ঘটনা পোহৰলৈ আহিছে । অৱশ্যে বৃহস্পতিবাৰৰ সন্ধিয়া পৰ্যন্ত এই অঞ্চলত আৰোগ্য লাভ কৰি মুক্ত হৈছিল ৮৮ গৰাকী ৰোগী ।

চেনিটাইজ কৰ্মী নীৰজ কুমাৰৰ মতে, জিলা হাস্পতালখনত তেওঁলোকক কেৱল শোষণ কৰা হৈছে । ইয়াতে তেওঁলোকক কোন ধৰণৰ সুবিধা প্ৰদান কৰা হোৱা নাই, ইয়াতে তেওঁলোকৰ বাবে একোৱেই নাই । সুৰক্ষা কীট্ছৰ নামত কেৱল প্লাষ্টিক প্ৰদান কৰি COVID-১৯ ৰোগী থকা ৱাৰ্ডত কাম কৰিবলৈ দিয়া বুলি অভিযোগ উত্থাপন কৰিছে । আনহাতে কৰ্তৃপক্ষই কাম কৰিবলৈ অন্যথা চুটিত যাবলৈও কোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । যাৰ বাবে প্ৰতিবাদত নামে এই সকল কৰ্মী । সুৰক্ষা সামগ্ৰীৰ লগতে কৰ্মীসকলে তেওঁলোকৰ বেতন বৃদ্ধিৰো দাবী উত্থাপন কৰিছে ।

এই সন্দৰ্ভত জিলা দণ্ডাধীশগৰাকীয়ে, কৰ'ণা সৈনিক সকলৰ পিপিই কীট্ছ অভাৱ আৰু প্ৰদান কৰাৰ বিষয়টো চোৱা-চিতা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰাৰ লগতে বেতন বৃদ্ধি কৰা দাবীটো ৰাজ্য চৰকাৰৰ সন্মুখত উত্থাপন কৰিব বুলি উল্লেখ কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.