নিউজ ডেস্ক, 11 অক্টোবৰ : সদ্যোজাতৰ প্ৰথম কান্দোনৰ শব্দ শুনিবলৈ পোৱা নাযায় এই গাঁৱত ৷ কিয়নো 400 বছৰে এই গাঁওখনত জন্ম হোৱা দেখা নাই এটিও শিশু ৷ স্থানীয় লোকৰ মতে, গাঁওখনত আছে কোনো অশুভ শক্তিৰ অভিশাপৰ ছাঁ ৷ কোনো মহিলাই এই গাঁৱত প্ৰসৱ কৰিলেই নামি আহে মৃত্যুৰ বিভীষিকা ৷ হয় মাতৃ নাইবা সন্তান, কোনো এগৰাকীৰ হ'লেও মৃত্যু অনিবাৰ্য ৷ মৃত্যু ক'লা ছাঁৰ পৰা কিবাকৈ ৰক্ষা পৰিলেও বিশেষভাৱে সক্ষম হৈ তেওঁলোকে কটাবলগীয়া হয় জীৱন ৷
মধ্য প্ৰদেশৰ ৰাজগড়ৰ শংখ শ্যামজি গাঁও ৷ ভূপালৰ পৰা 130 কিলোমিটাৰ নিলগত অৱস্থিত গাঁওখন ৷ গাঁওখনলৈ গ'লে কোনো পাৰ্থক্যই নপৰিব আপোনাৰ চকুত ৷ সকলো চিৰাচৰিত ৷ সকলোবোৰ থাকিলেও যেন আতংকৰ এক পৰিৱেশ বিৰাজমান গাঁও খনত ৷ যেন কোনো অদৃশ্য অভিশাপৰ ক'লা ঘন মেঘে আৱৰি ৰাখিছে গাঁও খনৰ আকাশ-বতাহ ৷
জনপ্ৰবাদ অনুসৰি, ষোড়শ শতিকাত এই গাঁৱত এটা মন্দিৰ নিৰ্মাণৰ কাম চলিছিল ৷ সেই সময়ত গাঁওখনৰে এগৰাকী মহিলাই ঢেঁকীত গম খুন্দিছিল ৷ ঢেঁকীৰ শব্দত ব্যাহত হৈ পৰে মন্দিৰ নিৰ্মাণৰ কাম ৷ তাতেই ৰুষ্ট হয় দেৱতা ৷ তেতিয়াৰ পৰাই অভিশপ্ত গাঁওখন ৷ গাঁৱৰ মাটিত কোনো মহিলাই প্ৰসৱ কৰিলেই হয় মাক নহয় শিশু... ৷
সেয়েহে গাঁওখনৰ সীমনাত থকা স্থানত গৈ সন্তান প্ৰসৱ কৰে গাঁও খনৰ মহিলা সকলে ৷ ষোড়শ শতিকাৰ পৰাই অব্যাহত আছে সেই নিয়ম ৷ আপাতকালীন অৱস্থাত কাৰোবাৰ প্ৰসৱ কৰিব হ'লে গাঁও খনৰ বাহিৰত ব্যৱস্থা কৰা হৈছে এটি ঘৰৰ ৷