ETV Bharat / bharat

ছাতি নিনিলে নাপাব সুৰা ! - সুৰাৰ বিপনী বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল প্ৰশাসনে ৷

কৰ'ণা সক্ৰমণ ৰোধ কৰিবৰ বাবে তামিলনাডু চৰকাৰৰ ব্যতিক্ৰমী পদক্ষেপ ৷ গ্ৰাহকে ছাতি ব্যৱহাৰ কৰিলেহে সুৰা প্ৰদান কৰাৰ সিদ্ধান্ত তিৰুপ্পুৰ জিলা প্ৰশাসনৰ ৷

No umbrella, no booze, Tiruppur Collector tells tipplers
ছাতি ব্যৱহাৰ কৰিলেহে গ্ৰাহকে লাভ কৰিব সুৰা
author img

By

Published : May 6, 2020, 3:20 PM IST

Updated : May 6, 2020, 5:41 PM IST

নিউজ ডেস্ক, 6 মে' : কৰ'ণা ভাইৰাছৰ সক্ৰমণ ৰোধ কৰিবৰ বাবে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ তামিলনাডু চৰকাৰৰ ব্যতিক্ৰমী পদক্ষেপ ৷ ছাতি অৱিহনে সুৰা প্ৰদান কৰা নহ'ব সুৰাপায়ীক ৷

মংগলবাৰে ৰাজ্যখনৰ তিৰুপ্পুৰ জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা ৷ গ্ৰাহক সকলে সুৰা ক্ৰয় কৰাৰ ক্ষেত্ৰত ছাতি ব্যৱহাৰ কৰিলেহে প্ৰদান কৰা হ'ব সুৰা ৷ জিলা প্ৰশাসনৰ ফালৰ পৰা জনোৱা অনুসৰি, কৰ'ণা ভাইৰাছৰ সক্ৰমণ ৰোধ কৰিবলৈ প্ৰশাসনৰ এই নিৰ্দেশনা ৷ জিলাখনৰ উপায়ুক্ত কে বিজয় কাৰ্তিকেনয়ে মংগলবাৰে এক টুইটযোগে জনোৱা অনুসৰি, গ্ৰাহকে ছাতি ব্যৱহাৰ কৰিলে এজন গ্ৰাহকৰ পৰা আন এজন গ্ৰাহকৰ দূৰত্ব অপোনা-আপুনি 6 ফুটলৈ বৃদ্ধি পাব ৷ যাৰ দ্ধাৰা গ্ৰাহকে সামাজিক দূৰত্ব মানি চলিবলৈ বাধ্য হ'ব ৷

উল্লেখযোগ্য যে, লক্ ডাউনৰ বাবে বিগত মাৰ্চৰ পৰা ৰাজ্যখনৰ সকলো সুৰাৰ বিপনী বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল প্ৰশাসনে ৷ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি সুৰাৰ বিপনী সমূহ পুনৰ 7 মে' ৰ ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 5 বজালৈ খোলাৰ অনুমতি প্ৰদান কৰিছে প্ৰশাসনে ৷

লগতে পঢ়ক : আমাক পূঁজি দিয়ক নহ'লে ক্ষমতা দিয়ক : প্ৰধানমন্ত্ৰীলৈ আহ্বান তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ

Last Updated : May 6, 2020, 5:41 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.