নেশ্যনেল ডেস্ক, ১৫ জুন: গুজৰাটত পুনৰ লক ডাউন জাৰিৰ কোনো পৰিকল্পনা নাই । চ'ছিয়েল মিডিয়াত নতুন লক ডাউনক লৈ চলা চৰ্চা সন্দৰ্ভত উৰা বাতৰি প্ৰচাৰ নকৰিবলৈ আহ্বান জনাই এইদৰে মন্তব্য আগবঢ়ায় গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে ।
১ জুনৰ পিছত ৰাজ্যখনৰ কণ্টেইনমেণ্ট জ'নৰ বাহিৰে বাকী ঠাইত পুনৰ উদ্যোগ, কাৰ্যালয়, দোকান, বাছ-অটোৰিক্সাৰ চলাচল সেৱা আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে । মুখ্যমন্ত্ৰী ৰূপানীয়ে কয় যে, কৰ'ণা মহামাৰীৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব, মানুহে ইয়াৰ মাজতে নিজৰ কাম কৰিবলৈ শিকি গৈছে । কিন্তু পুনৰ লক ডাউন প্ৰযোজ্য নহয়, এয়া উৰা বাতৰিহে ।
লগতে পঢ়ক :
পুত্ৰসহ গ্ৰেপ্তাৰ TDP নেতা প্ৰভাকৰ ৰেড্ডীক