ETV Bharat / bharat

লক্ষ্ণৌৰ আছাফী মচজিদত কৰা নহয় জুমা নামাজঃ মৌলানা কল্বে জৱ্ৱাদ

author img

By

Published : Jun 8, 2020, 3:45 PM IST

মচজিদত সমূহীয়া প্ৰাৰ্থনাৰ অনুমতি প্ৰদান কৰিলে শুকুৰবাৰৰ নামাজত বহুসংখ্যক লোকৰ ভিৰ হ'ব। জনসমাবেশ হ'লে সামাজিক দুৰত্ব বৰ্তাই ৰখাৰ ক্ষেত্ৰত অসুবিধা হ'ব বুলি মন্তব্য কৰে শিয়া ধৰ্মগুৰু মৌলানা কল্বে জৱ্ৱাদে। সেয়ে যেতিয়ালৈকে ৬ ফুট দুৰত্ব বজাই ৰখাৰ স্থিতি জাৰি কৰা নহয় তেতিয়ালৈকে আছাফী মচজিদত জুমা নামাজ কৰা নহ'ব।

লক্ষ্ণৌৰ আছাফী মচজিদত কৰা নহয় জুমা নামাজ
No Friday prayers at Asafi mosque in Lucknow, declares cleric

নিউজ ডেস্ক, ৮ জুনঃ দেশত 'আনল'ক ৱান'ৰ নিৰ্দেশাৱলী অনুসৰি আজিৰে পৰা ধৰ্মীয় স্থানসমূহ খোৱাৰ অনুমতি দিয়া হৈছে যদিও বৰ্তমান স্থগিত ৰখা হৈছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আছাফী মচজিদৰ জুমা নামাজ। লক্ষ্ণৌৰ বাৰা ইমামবাৰাস্থিত আছাফী মচজিদৰ ইমাম-ই-জুমা তথা শিয়া ধৰ্মগুৰু মৌলানা কল্বে জৱ্ৱাদে প্ৰকাশ কৰে এই কথা।

No Friday prayers at Asafi mosque in Lucknow, declares cleric
লক্ষ্ণৌৰ আছাফী মচজিদত কৰা নহয় জুমা নামাজঃ মৌলানা কল্বে জৱ্ৱাদ

সম্প্ৰদায়ৰ সদস্যসকলে ব্যক্তিগতভাৱে প্ৰাৰ্থনা কৰিব পাৰে। কিন্তু চৰকাৰে অনুমতি প্ৰদান কৰিলেও ধৰ্মীয় স্থানত গৈ কোনো লোকে নামাজ পঢ়িব নোৱাৰিব বুলি উল্লেখ কৰে ধৰ্মগুৰু মৌলানা কল্বে জৱ্ৱাদে ।

মজলিচ-ই-উলেমা-ই-হিন্দৰ সাধাৰণ সম্পাদক কল্বে জৱ্ৱাদে উল্লেখ কৰা অনুসৰি দুজন নামাজ পঢ়া লোকৰ মাজত ৬ ফুট অনিবাৰ্য দুৰত্বই জামাত গঠনৰ মানদণ্ড পূৰণ কৰিব নোৱাৰে। জনসাধাৰণে সকলো নিয়মাৱলী পালন কৰি মচজিদলৈ গৈ ব্যক্তিগতভাৱে আল্লাক প্ৰাৰ্থনা কৰিব পাৰে বুলিও উল্লেখ ধৰ্মগুৰুগৰাকীৰ।

মচজিদত সমূহীয়া প্ৰাৰ্থনাৰ অনুমতি প্ৰদান কৰিলে শুকুৰবাৰৰ নামাজত বহুসংখ্যক লোকৰ ভিৰ হ'ব। লগতে জুমা জামাজৰ ঘোষণা কৰিলে ইয়াৰ ফলত অৰাজকতাৰ সৃষ্টি হ'ব আৰু জনসমাবেশ হ'লে সামাজিক দুৰত্ব বৰ্তাই ৰখাৰ ক্ষেত্ৰত অসুবিধা হ'ব বুলি মন্তব্য কৰে মৌলানা কল্বে জৱ্ৱাদে। সেয়ে যেতিয়ালৈকে ৬ ফুট দুৰত্ব বজাই ৰখাৰ স্থিতি জাৰি কৰা নহয় আৰু কোভিড ১৯ৰ পৰিস্থিতি ভাল নহয় তেতিয়ালৈকে আছাফী মচজিদত জুমা নামাজ কৰা নহ'ব বুলি উল্লেখ কৰে ধৰ্মগুৰুগৰাকীয়ে।

লগতে চাওকঃ চৰকাৰী বিদ্যালয়ৰ ফলাফলত হতাশ স্থানীয় ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.