ETV Bharat / bharat

COVID-19 ৰ সামূদায়িক সংক্ৰমণ হোৱা নাই : হৰ্ষ বৰ্ধন

author img

By

Published : May 6, 2020, 12:01 AM IST

COVID-19 ৰ সামূদায়িক সংক্ৰমণ হোৱা নাই ৷ ভাইৰাছৰ ব্যৱহাৰিক পৰিৱৰ্তনে নতুন স্বাভাৱিক এখন স্বাস্থ্যকৰ সমাজৰ সৃষ্টি কৰিব পাৰে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনৰ মন্তব্য ৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী
COVID-19 ৰ সামূদায়িক সংক্ৰমণ হোৱা নাই : হৰ্ষ বৰ্ধন

নেশ্যনেল ডেস্ক, 5 মে' : বৰ্তমানলৈকে ভাৰতত COVID-19 ৰ সামূদায়িক সংক্ৰমণ হোৱা নাই বুলি মন্তব্য আগবঢ়াইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে ৷ ভাইৰাছবিধৰ ব্যৱহাৰিক পৰিৱৰ্তনে নতুন স্বাভাৱিক এখন স্বাস্থ্যকৰ সমাজৰ সৃষ্টি কৰিব পাৰে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

মন্ত্ৰীগৰাকীয়ে কয় যে, কৰ'ণা ভাইৰাছৰ পাচত দেশৰ জনতাই এই সময়খিনি আশীৰ্বাদ বুলি ভবা উচিত যদিহে সকলোৱে শ্বাস-প্ৰশ্বাসজনিত, হাত আৰু পৰিৱেশ পৰিস্কাৰ-পৰিচ্ছন্নতা প্ৰতিদিনৰ দায়িত্ব হিচাপে গ্ৰহণ কৰে ৷

17 মে'লৈ সম্প্ৰসাৰণ কৰা লকডাউন সম্পৰ্কত মন্ত্ৰীগৰাকীয়ে কয় যে, অৰ্থনীতি যিমান গুৰুত্বপূৰ্ণ সিমানেই গুৰুত্বপূৰ্ণ স্বাস্থ্য ৷ সেয়েহে চৰকাৰে সামঞ্জস্য ৰক্ষা কৰাটো অতি প্ৰয়োজনীয় ৷

মঙলবাৰ পৰ্যন্ত দেশত COVID-19 আক্ৰান্তৰ সংখ্যা 46,433 লৈ বৃদ্ধি পাইছে ৷ উল্লেখ্য যে, এদিন পূৰ্বে আক্ৰান্তৰ সংখ্যা আছিল 42,836 জন ৷ স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰদান কৰা তথ্য অনুসৰি, এদিনৰ ভিতৰত 3,597 জন লোক COVID-19 ত আক্ৰান্ত হৈছে ৷ আনহাতে, মৃতকৰ সংখ্য়া এদিনৰ ভিতৰত 1,389 ৰ পৰা 1,568 লৈ বৃদ্ধি পালে ৷

বৰ্ধনে কয়, "বৰ্তমানলৈকে ভাৰত কৰ'ণা ভাইৰাছৰ সামূদায়িক সংক্ৰমণ পৰ্যায়ত উপস্থিত হোৱাগৈ নাই ৷ সৰু আই আৰু পলিঅ'ৰ বাহিৰে অন্য সংক্ৰমক ৰোগসমূহ সম্পূৰ্ণৰূপে নাইকিয়া কৰিব পৰা নাযায় ৷ এই ৰোগসমূহ পুনৰ আহে ৷" COVID-19 এক দীঘলীয়া পৰ্যায়ৰ বাবে দেশত থকাৰ ইংগিত প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷

"কিন্তু, নিৰাশাৰ মাজতে আশাৰ কিৰণ বিচাৰিব লাগিব ৷ COVID-19 মহামাৰীৰ ফলত স্বাস্থ্য আন্তঃগাঁথনিৰ বিকাশ সাধন আৰু চিকিৎসা সামগ্ৰীৰ থলুৱা উৎপাদন কৰিবলৈ আমি সাজু হৈ পৰিম" - হৰ্ষ বৰ্ধন ৷

লকডাউনত কিছু শিথিলতা প্ৰদান কৰাৰ ফলত কিছু ৰাজ্যৰ সুৰাৰ দোকান সমূহত ব্যাপক ভিৰ পৰিলক্ষিত হোৱাৰ লগতে সামাজিক দূৰত্ব অমান্য কৰা সম্পৰ্কতো মন্তব্য আগবঢ়াই হৰ্ষ বৰ্ধনে ৷ তেওঁ কয়, "আমি সকলো সিদ্ধান্ত গ্ৰহণ আৰু ৰূপায়ন কৰাৰ পূৰ্বে চিন্তা কৰি চাব লাগিব যাতে আক্ৰান্তৰ সংখ্য়া বৃদ্ধি নাপায় ৷"

আৰোগ্যৰ হাৰ দিনে দিনে বৃদ্ধি পোৱা বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ বৰ্তমানলৈকে দেশত আৰোগ্যৰ হাৰ 27.40 শতাংশ বুলি জানিব পৰা গৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.