নেশ্যনেল ডেস্ক, ১৩ অক্টোবৰ: কৰ'ণা মহামাৰী আৰু লকডাউনে দেশৰ অৰ্থব্যৱস্থাত মাধমাৰ সোধোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসমূহতো ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। শেহতীয়াকৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰা এখন আঁচনিয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে ৰাজ্যসমূহলৈ। এখন সংবাদমেলযোগে সোমবাৰে বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছে যে, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ ১০ হাজাৰ টকা দৰমহাৰ আগধন হিচাপে আগবঢ়োৱা হ'ব।
১০টা কিস্তিত পৰিশোধ কৰিবলগীয়া এই ঋণৰ বাবে কৰ্মচাৰীসকলে সুত দিয়াৰ প্ৰয়োজন নাই। উপভোক্তা বজাৰক উত্সাহিত কৰাৰ উদ্দেশ্যেৰে এই ধনৰাশি আগবঢ়াইছে বিত্ত মন্ত্ৰালয়ে। এই নতুন আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে লিভ ট্ৰেভেল কনছেছন ভাউচাৰৰো সুবিধা লাভ কৰিব। বিমান ভাড়া, বাবে ৰে'ল টিকটৰ বাবদ ব্যয় হোৱা ধন কেন্দ্ৰীয় চৰকাৰে উভতাই দিব। আনকি কৰ্মচাৰীৰ ১০দিনৰ ছুটীৰ টকাও উভতাই দিব বুলি ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।
এই ধনেৰে কৰ্মচাৰীয়ে নিজ ইচ্ছানুসৰি সামগ্ৰী ক্ৰয় কৰিব পাৰিব। অৱশ্যে এই সামগ্ৰীসমূহ ১২শতাংশ বা তাতোধিক হ'ব লাগিব। লিভ ট্ৰেভেল কনছেছন ভাউচাৰৰ বাবদ অতিৰিক্ত ২৮ হাজাৰ কোটি টকা মূল্যৰ উপভোক্তা সামগ্ৰীৰ চাহিদা বৃদ্ধি পাব বুলি আশা ব্যক্ত কৰা হৈছে।