শাহজাহানপুৰ,19 ফেব্ৰুৱাৰীঃ পৰিৱেশ সংৰক্ষণৰ উদ্দেশ্যৰে চৰাইদেউ মৈদামৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ পদযাত্ৰা নিজৰা ফুকনৰ ৷ "বৃক্ষবন্ধু" নামৰ পৰিৱেশ সুৰক্ষা অনুষ্ঠানৰ প্ৰতিষ্ঠাপক সম্পাদিকা নিজৰা ফুকনৰ পৰিৱেশৰ ওপৰত সজাগতা আনিবৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে ৷ বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ 1 তাৰিখে যুৱতীগৰাকীয়ে এই পদযাত্ৰা আৰম্ভ কৰিছিল ৷ যুৱতীগৰাকীয়ে বুধবাৰে উত্তৰ প্ৰদেশৰ শাহজাহানপুৰত উপস্থিত হয় ৷
যুৱতীগৰাকীক স্থানীয় আৰক্ষীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ নিজৰা ফুকনে স্থানীয় লোকসকলক পৰিৱেশৰ সজাগতা সম্পৰ্কে সচেতন হ’বলৈ আহ্বান জনায় ৷ যুৱতীগৰাকীৰ এই যাত্ৰা ৰাষ্ট্ৰপতি ভৱনত অন্ত পৰিব ৷
লগতে চাওকঃদেশৰ প্ৰথম প্লাষ্টিকমুক্ত বিমানবন্দৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ