ETV Bharat / bharat

আজি ডিএছপি দাভিন্দৰ সিঙক গ্ৰেপ্তাৰ কৰিব নিয়াই - DSP Davinder Singh latest news

আজি অধিক শোধ-পোছৰ বাবে সন্ত্ৰাসবাদীক সহায় কৰা জম্মু-কাশ্মীৰ আৰক্ষীৰ শীৰ্ষ বিষয়া ডিএছপি দাভিন্দৰ সিঙক গ্ৰেপ্তাৰ কৰিব নিয়াই ৷ সূত্ৰ অনুসৰি, শ্ৰীনগৰত উপস্থিত হ'ব ৰাষ্ট্ৰীয় তদন্তকাৰীৰ এটা প্ৰতিনিধি দল ৷

আজি ডিএছপি দাভিন্দৰ সিঙক গ্ৰেপ্তাৰ কৰিব নিয়াই
আজি ডিএছপি দাভিন্দৰ সিঙক গ্ৰেপ্তাৰ কৰিব নিয়াই
author img

By

Published : Jan 19, 2020, 2:11 PM IST

নেশ্যনেল ডেস্ক, 19 জানুৱাৰীঃ দেওবাৰে জম্মু-কাশ্মীৰলৈ ৰাওনা হ'ব ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ এটা প্ৰতিনিধি দল ৷ জম্মু-কাশ্মীৰ আৰক্ষীৰ শীৰ্ষ বিষয়া ডিএছপি দাভিন্দৰ সিঙৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা নিৰ্দেশনা লাভৰ পাচতেই শনিবাৰে নিয়াক হস্তান্তৰ কৰা হয় গোচৰটো ৷ যাৰ বাবে দেওবাৰে অধিক শোধ-পোছৰ বাবে শ্ৰীনগৰত উপস্থিত হৈ ডিএছপি দাভিন্দৰ সিঙক গ্ৰেপ্তাৰ কৰিব নিয়াই ৷

সূত্ৰ অনুসৰি, অধিক তথ্যৰ বাবে প্ৰায় এক সপ্তাহ ধৰি শ্ৰীনগৰত অনুসন্ধান চলাব দলটোৱে ৷ দলটোৱে ৰাজ্যখনৰ কুলগাম, কাজীগুড়, শ্ৰীনগৰ বিমান বন্দৰ আৰু সিঙৰ বাসগৃহত অনুসন্ধান চলাব বুলি জানিব পৰা গৈছে ৷ আনহাতে অনুসন্ধানৰ পাচত দলটোৰ সৈতে ডিএছপি দাভিন্দৰ সিঙকো দিল্লীলৈ অনা হ'ব বুলি অনুমান কৰা হৈছে ৷

উল্লেখ্য যে, জম্মু-কাশ্মীৰ বিমানবন্দৰৰ সুৰক্ষাৰ দায়িত্বত থকা সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াগৰাকীক তিনিগৰাকীকৈ সন্ত্ৰাসবাদীৰ সৈতে হাতে-লোটে ধৰা পেলাইছিল সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে ৷ সিঙৰ সৈতে ধৰা পৰিছিল হিজবুল মুজাহিদ্দীন সন্ত্ৰাসবাদী নাভেদ বাবু, আতিফ আৰু ইৰফান মীৰ নামৰ তিনিটা সন্ত্ৰাসবাদী ৷ চাৰিওজনক অস্ত্ৰসহ দক্ষিণ কাশ্মীৰৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন বাহনৰ পৰা কৰায়ত্ত কৰিছিল সেনা-আৰক্ষীয়ে ৷

এইগৰাকী সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াই জম্মু-কাশ্মীৰ আৰক্ষীত নিযুক্ত হোৱাৰ পিছৰে পৰাই সন্ত্ৰাসবাদীৰ সৈতে লগ-লাগি বহুকেইটা ঘটনা সংঘটিত কৰাৰ কথা জানিব পৰা গৈছে ৷ ইপিনে নতুন দিল্লীত হোৱা সংসদ ভৱন আক্ৰমণৰ ঘটনাৰ সৈতেও নাম সাঙোৰ খাই পৰিছিল দাভিন্দৰ সিঙৰ ৷ বিষয়াগৰাকীৰ গ্ৰেপ্তাৰৰ পিচতে জম্মু-কাশ্মীৰ চৰকাৰে তেওঁক প্ৰদান কৰা সকলো বঁটা ঘূৰাই লৈছে ৷

Intro:Body:

NIA to question arrested DSP Davinder Singh in Srinagar today

Srinagar, Jan 19 (IANS) A five-member team of the National Investigation Agency (NIA) will begin their week-long visit here on Sunday, during which it will interrogate the disgraced Jammu and Kashmir (J&K) Deputy Superintendent of Police (DSP) Davinder Singh.

Sources said that the investigating team will be in Kashmir for a week to collect evidence before heading back to Delhi.

According to sources, Singh will also be taken to Delhi when the team returns.

The investigating team will go to Kulgam, Qazigund, Srinagar airport and residences of Singh in the next few days to collect evidences.

A case was registered by the NIA on Saturday after receiving the Ministry of Home Affairs (MHA) order and started the investigation.

Singh was arrested on January 11 with three Hizbul Mujahideen terrorists including top commander Naveed Babu, along with arms and ammunition, while they were travelling in a car in Kazipur on the National Highway.

Sources said, Singh was taking Babu to Jammu and was facilitating him to travel to Pakistan. A lawayer Irfan Ahmed was also arrested.

Multiple investigating agencies have been questioning Singh ever since, who has served key postings in the past.

Singh was associated with J&K police that fights terrorism. He was also posted in the anti-hijacking wing at Srinagar.

Besides, Singh was also the part of the officials which received delegation of ambassadors that visited Kashmir earlier this month.

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.