ETV Bharat / bharat

কেৰালাত NIAয়ে আটক কৰিলে 6 জনকৈ সোণৰ চোৰাং ব্যৱসায়ীক

author img

By

Published : Aug 3, 2020, 1:02 AM IST

ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIA য়ে সোনৰ চোৰাং সৰবৰাহ তথা ব্যৱসায়ৰ গোচৰত দেওবাৰে কেৰালাত আটক কৰিলে 6 জন ব্যক্তিক । সংস্থাটোৱে আদালতক অৱগত কৰা তথ্যমতে, নিয়াই বৰ্তমালৈকে 10 জন সোণৰ চোৰাং ব্যৱসায়ীক আটক কৰিছে ।

NIA arrests six more people in Kerala gold smuggling case
কেৰেলাত NIAয়ে আটক কৰিলে ৬জনকৈ সোনৰ চোৰাং ব্যৱসায়ীক

নিউজ ডেস্ক,3 আগষ্ট: যোৱা 30 জুলাইত এৰ্নাকোলামৰ পৰা জামাল এএম আৰু মালাপ্পুৰমৰ পৰা চৈয়দ আলাবী নামৰ দুজন সোণৰ চোৰাং ব্যৱসায়ীক নিয়াই আটক কৰিছিল । সোণৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত মুখ্য অপৰাধী ৰমিজৰ লগত পৰিকল্পনা তৈয়াৰ কৰাৰ অপৰাধত দুয়োকে আটক কৰা হৈছিল ।

আনহাতে মালাপ্পুৰমৰ পৰাই 31 জুলাইত মহম্মদ চফি আৰু আব্দুল প্ৰিতিক আটক কৰিছিল নিয়াৰ অনুসন্ধানকাৰী এটা দলে ।

আটকাধীন অপৰাধী কেইটাৰ তথ্যৰ ভিত্তিতেই পুনৰ 1 আগষ্টত এৰ্নাকোলামৰ পৰা মহম্মদ আলি ইব্ৰাহিম আৰু মহম্মদ আলিক আটক কৰিবলৈ সক্ষম হয় নিয়াৰ অনুসন্ধানকাৰী দলটোৱে । সোনৰ চোৰাং ব্যৱসায়ৰ সমগ্ৰ পৰিকল্পনাটোৰ লগত জড়িত আছিল আটকাধীন আটাইকেইজন অপৰাধী ।

আটকাধীন কেইজনৰ মাজৰ মহম্মদ আলি হৈছে পপ'লাৰ ফ্ৰ'ণ্ট অৱ ইণ্ডিয়াৰ এজন সক্ৰিয় সদস্য যি অলপতে আন এক অভিযোগত কেৰালা আৰক্ষীৰ দ্বাৰা আটক হৈছিল ।

এক সূত্ৰৰ পৰা জানিব পৰা মতে, অনুসন্ধানকাৰী দলটোয়ে কেৰেলাৰ এৰ্নাকোলাম আৰু মালাপ্পুৰমৰ ছটাকৈ স্থানত অভিযান চলাইছিল । অভিযানৰ সময়ত দলটোৱে 2 টা হাৰ্ডডিস্ক, 1 টা টেবলেট কম্পিউটাৰ, 8 টা ম'বাইল ফোন, 6 খন চিমকাৰ্ড, 1 টা ডিজিটেল ভিডিঅ' ৰেকৰ্ডাৰ আৰু 5 খন ডিভিডি জব্দ কৰিছে ।

লগতে চাওক-গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰী জিলাত 144 ধাৰা বলবৎ প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.