ETV Bharat / bharat

২০ এপ্ৰিলৰ পৰা পুনৰ কাৰ্যকৰী হ'ব টোলগেট সমূহ : ভাৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ

২০ এপ্ৰিলৰ পৰা পুনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ টোল গেট সমূহত সংগ্ৰহ কৰা হ'ব টোল বা কৰ । এই কথা সদৰি কৰিছে ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে । কৰ'ণা ভাইৰাছ মহামাৰীৰ বাবে যোৱা ২৫ মাৰ্চৰ পৰা বন্ধ হৈ আছিল কৰ সংগ্ৰহ ।

NHAI to resume toll collection on national highways from April 20

author img

By

Published : Apr 18, 2020, 12:09 PM IST

নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ দেশত ২০ এপ্ৰিলৰ পৰা পুনৰ কাৰ্যকৰী হ'ব টোলগেট সমূহ । ৰাষ্ট্ৰীয় ঘাইপথৰ টোল গেট সমূহত সংগ্ৰহ কৰা হ'ব কৰ । কেন্দ্ৰীয় চৰকাৰৰ অনুমতিৰ পাচতেই এই কথা উল্লেখ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে । কৰ'ণা ভাইৰাছ মহামাৰী সময়ত জৰুৰীকালিন সেৱা,কৰ্মচাৰীৰ সুৰক্ষা ইত্যাদিৰ বাবেই যোৱা ২৫ মাৰ্চৰ পৰা টোল গেট সমূহত বন্ধ কৰা হৈছিল কৰ সংগ্ৰহৰ কাৰ্য ।

লক্ ডাউনৰ প্ৰথম পৰ্যায় সমাপ্ত হোৱাৰ এদিনৰ পাচতেই অৰ্থাৎ ১৫ এপ্ৰিলত পুনৰ কৰ সংগ্ৰহ কাম কৰাৰ পৰিকল্পনা কৰিছিল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে । কিন্তু কেন্দ্ৰীয় চৰকাৰে পুনৰ লক ডাউনৰ সময় সীমা বৃদ্ধি কৰাৰ পাচত গৃহ মন্ত্ৰণালয়ে অত্যাৱশকীয় সামগ্ৰী কঢ়িওৱা বাহন সমূহক ২০ এপ্ৰিললৈ ৰেহাই প্ৰদান কৰিছে ।

গৃহ মন্ত্ৰণালয়ে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণলৈ দিয়া পত্ৰত উল্লেখ কৰিছে যে,টোল সংগ্ৰহ চৰকাৰক ৰাজহ দিয়াত সহায়ক । লগতে এনএইজএআইক আৰ্থিক ভাৱেও শক্তিশালী কৰে । সকলো ট্ৰাক,অন্যান্য সামগ্ৰী কঢ়িওৱা আন্তঃৰাজ্যিক আৰু অন্য ৰাজ্যলৈ অহা-যোৱা কৰা বাহনৰ ওপৰত গৃহমন্ত্ৰণালয়ৰ দ্বাৰা ৰেহাই দিয়া কাৰ্যৰ আদেশ পালনৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি উল্লেখ কৰাৰ লগতে পুনৰ ২০ এপ্ৰিলৰ পৰা কৰ সংগ্ৰহৰ নিৰ্দেশ প্ৰদান কৰিছে ।

অৱশ্যে এই সিদ্ধান্তক পুনৰ বিবেচনা কৰাৰ আহ্বান জনাইছে অল ইণ্ডিয়া মটৰ ট্ৰান্সপৰ্ট কংগ্ৰেছে । এআইএমটিচিৰ সভাপতি কুলতাৰণ সিং আটৱালে কয়, চৰকাৰে বিত্তীয় বোজা দিয়াৰ পূৰ্বে পুনৰ বিচাৰ কৰাৰ দৰকাৰ । কাৰণ লক্ ডাউনৰ ফলত ইতিমধ্যে অৰ্থব্যৱস্থা নিম্নগামী হৈছে ।

দেশত কৰ'ণা ভাইৰাছৰ বিভীষিকাৰ বাবে লক ডাউনৰ মাজত টোল কোম্পানীৰ কৰ্মচাৰীৰ সুৰক্ষা,ইত্যাদিৰ প্ৰতি লক্ষ্য ৰাখিয়ে কেন্দ্ৰীয় চৰকাৰে ২৪ মাৰ্চৰ নিশা ১২ বজাত সকলো টোলগেটত ৰাজহ সংগ্ৰহ কৰা কাৰ্য বন্ধ কৰাৰ নিৰ্দেশ দিছিল । লগতে ফাষ্টেগ চিষ্টেমকো নিষ্ক্ৰিয় কৰা হৈছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.