ETV Bharat / bharat

ভাৰতলৈ বুলি উৰা মাৰিলে পাঁচখনকৈ ৰাফেল, এক প্ৰতিবেদন - ৰাফেল যুদ্ধবিমান

ভাৰতীয় বায়ুসেনাৰ শক্তি বৃদ্ধি কৰিবলৈ ফ্ৰান্সৰ পৰা ইতিমধ্যে উৰা মাৰিছে পাঁচখনকৈ ৰাফেল যুদ্ধবিমানে ৷ ফ্ৰান্সস্থিত ভাৰতীয় দূতাবাস আৰু ভাৰতীয় বায়ুসেনাই প্ৰকাশ কৰিছে এই তথ্য ৷

ভাৰতলৈ বুলি উৰা মাৰিলে পাঁচখনকৈ ৰাফেল
ভাৰতলৈ বুলি উৰা মাৰিলে পাঁচখনকৈ ৰাফেল
author img

By

Published : Jul 27, 2020, 4:02 PM IST

নিউজ ডেস্ক, 27 জুলাই : ভাৰত-চীনৰ মাজত উদ্ভৱ হোৱা যুদ্ধংদেহী পৰিৱেশৰ পিচতেই ফ্ৰান্সৰ পৰা ভাৰতে ক্ৰয় কৰিবলগীয়া ৰাফেল যুদ্ধবিমানৰ এটা ফ্লীট আজি দেশখনৰ পৰা ভাৰত অভিমুখে উৰা মাৰিছে ৷ জৰুৰীকালীনভাৱে ভাৰতীয় বায়ুসেনাই ডেছাল্ট এভিয়েশ্বন নিৰ্মিত কোম্পানীটোৰ পৰা এইদৰে পাঁচখনকৈ ৰাফেল ভাৰতীয় বায়ুসেনাত সংযোজন কৰাৰ সিদ্ধান্ত লৈছিল আৰু বায়ুসেনাৰ এটা অভিজ্ঞ দলে গৈ ফ্ৰান্সত উপস্থিত হৈছিল ৷ ভাৰতীয় বায়ুসেনাৰ দলটোৱে তিনিখন এক আসনযুক্ত আৰু দুখন দুই আসনযুক্ত ৰাফেল যুদ্ধবিমান অহা 29 জুলাইত লাভ কৰিব 1999 চনত কাৰ্গিল যুদ্ধত বিশেষ ভূমিকা পালন কৰা 17 স্কোৱাড্ৰণ "The Golden Arrows"এ ৷

  • The first 5 #IAF #Rafales have taken off from Dassault Aviation Facility, Merignac, #France today morning. These 5 include 3 single-seater and 2 twin-seater aircraft. The ferry is planned in two stages & is being undertaken by IAF pilots. 1/2#RafaleJet pic.twitter.com/0TWU5zlgvQ

    — Indian Air Force (@IAF_MCC) July 27, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়কঃ 2020 চনত ভাৰতীয় বায়ুসেনাত সংযোজিত হ'ব "ৰাফেল"

মিগ-21ৰ শক্তিশালী স্কোৱাড্ৰণৰূপে খ্যাত 17 স্কোৱাড্ৰণৰ মুখ্যালয় প্ৰথম অৱস্থাত পঞ্জাৱৰ ভাটিন্দাত আছিল যদিও ইয়াক হাৰিয়ানাৰ আম্বালালৈ স্থানান্তৰিত কৰা হৈছে ৷ আনহাতে ৰাফেলৰ দ্বিতীয়টো স্কোৱাড্ৰণ লাভ কৰিব পশ্চিমবংগৰ হাছিমাৰাস্থিত বায়ু সেনা চাউনীয়ে ৷ পূব সীমান্তত চীনক প্ৰতিহত কৰিবলৈ আৰু পশ্চিম সীমান্তত পাকিস্তানৰ ওপৰত চকু ৰাখিবলৈ এইদৰে প্ৰথম দুটা স্কোৱাড্ৰণ আম্বালা আৰু হাছিমাৰাত মোতায়েন কৰা হ'ব বুলি প্ৰকাশ কৰিছে ভাৰতীয় বায়ু সেনাই ৷ আনহাতে পৰৱৰ্তী সময়ত ৰাফেলৰ তৃতীয়টো স্কোৱাড্ৰণ উত্তৰ প্ৰদেশৰ স্বৰাস্বত বায়ুসেনা ঘাটিত স্থাপন কৰা হ'ব ৷

ভাৰতলৈ বুলি উৰা মাৰিলে পাঁচখনকৈ ৰাফেল
ৰাফেল যুদ্ধবিমানৰ ককপিটত ফ্ৰান্সস্থিত ভাৰতীয় উচ্চায়ুক্ত জাভেদ আশ্ৰফ

ফ্ৰান্সস্থিত ভাৰতীয় দুতাবাস আৰু ভাৰতীয় বায়ুসেনাই এই কথা প্ৰকাশ কৰিছে ৷ ফ্ৰান্সস্থিত ভাৰতীয় উচ্চায়ুক্ত জাভেদ আশ্ৰফে টুইটযোগে এই কথা প্ৰকাশ কৰিছে ৷ ভাৰতীয় উচ্চায়ুক্তগৰাকীয়ে এইক্ষেত্ৰত দুয়োখন দেশক শুভকামনা জনোৱাৰ লগতে ৰাফেল উৰাই ভাৰতলৈ আহিবলগীয়া দলটোৰ সৈতে উৰণৰ পূৰ্বেই বাৰ্তালাপত মিলিত হয় ৷

পাঁচখন বিমানেই অহা 29 জুন ভাৰতীয় বায়ুসেনাৰ আম্বালাস্থিত বিমানঘাটিত অৱতৰণ কৰিব ৷ আম্বালাৰ 17 নং 'The Golden Arrows' স্কোৱাড্ৰণ, যাক ৰাফেল যুদ্ধবিমানৰ বাবে সাজু কৰা হৈছে, পাঁচখন ৰাফেলেই এইটো ফ্লীটত যোগদান কৰিব ৷ দুটাকৈ স্তৰত ভাৰতলৈ আহিবলগীয়া এই পাঁচখন যুদ্ধবিমানৰ ফ্ৰান্স বায়ুসেনাৰ টেংকাৰৰ সহযোগত ইউএইৰ এটা বিমানঘাটি পোৱাৰ পূৰ্বে আকাশতেই ইন্ধন ভৰোৱা কাৰ্য সম্পন্ন কৰা হ'ব বুলি জানিব পৰা গৈছে ৷ অৰ্থাৎ ভাৰত আহি পোৱাৰ আগতেই যুদ্ধবিমানকেইখনে আৰৱত এবাৰ জিৰণি লোৱাৰ বাবে অৱতৰণ কৰিব ৷

ভাৰতলৈ বুলি উৰা মাৰিলে পাঁচখনকৈ ৰাফেল
ফ্ৰান্সস্থিত ভাৰতীয় দূতাবাসৰ জাননী

লগতে পঢ়কঃ দশেৰা উপলক্ষে ফ্ৰান্সত "শস্ত্ৰ পূজা" আগবঢ়াব প্ৰতিৰক্ষা মন্ত্ৰীয়ে

উল্লেখ্য যে, 2016 চনৰ ভাৰত চৰকাৰ আৰু ফ্ৰান্স চৰকাৰে 7.87 বিলিয়ন ইউৰোৰ বিনিময়ত 36 খন ৰাফেল যুদ্ধজাহাজৰ বাবে এক চুক্তি স্বাক্ষৰিত কৰিছিল আৰু ভাৰতীয় বায়ুসেনাৰ হৈ বিগত বৰ্ষত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰথমখন ৰাফেল যুদ্ধবিমান গ্ৰহণ কৰিছিল ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 2019 চনৰ 8 অক্টোৱৰত দেশখনত উপস্থিত হৈ ৰাফেলৰ শস্ত্ৰ পূজা কৰি প্ৰথমখন ৰাফেল যুদ্ধবিমান গ্ৰহণ কৰাৰ লগতে আগন্তুক বৰ্ষত ভাৰতে সাতখন ৰাফেল লাভ কৰিব বুলি ঘোষণা কৰিছিল ৷

লগতে পঢ়কঃ আজি ভাৰতে লাভ কৰিব যুদ্ধ যুঁজাৰু বিমান ‘ৰাফেল’

এইখিনিতে উল্লেখ কৰিব পাৰি যে, ভাৰতীয় বায়ুসেনাই লাভ কৰিবলগীয়া ৰাফেল যুদ্ধবিমানৰ চুক্তি সম্পাদনত উল্লেখনীয় ভূমিকা পালন কৰিছিল বৰ্তমান বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বেল ৰাকেশ কুমাৰ সিং ভাদুৰীয়াই, আৰু তাৰ বাবেই ভাৰতে লাভ কৰা প্ৰথমখন ৰাফেল যুদ্ধবিমানৰ টেইল পঞ্জীয়ন নম্বৰটো তেওঁৰ নামত RK001 ৰখা হৈছে ৷

ভাৰতলৈ বুলি উৰা মাৰিলে পাঁচখনকৈ ৰাফেল
ৰাফেল লৈ ভাৰতলৈ আহিবলগীয়া ভাৰতীয় বায়ুসেনাৰ বৈমানিকৰ দলটোৰ সৈতে ফ্ৰান্সস্থিত ভাৰতীয় উচ্চায়ুক্ত

ফ্ৰান্সৰ পৰা ভাৰতে লাভ কৰিবলগীয়া যুদ্ধবিমানকেইখন ফ্লাই এৱে অৰ্থাৎ ফ্ৰান্সতে নিৰ্মাণ আৰু অস্ত্ৰৰে সজ্জিত হৈ আহিব আৰু তাৰ ভিতৰত 13খন ৰাফেল ভাৰতীয় প্ৰয়োজন অনুসৰি ডেচাল্ট এভিয়েশ্বনে ভাৰতীয় বায়ুসেনাক প্ৰদান কৰিব ৷ আনহাতে শেহতীয়াকৈ ভাৰতীয় বায়ুসেনাই ৰাফেলৰ শক্তি বৃদ্ধি কৰি এই যুদ্ধবিমানত হামাৰ ক্ষেপনাস্ত্ৰ সংযোজন কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰে ৷ হামাৰ (Highly Agile Modular Munition Extended Range) হৈছে এক শক্তিশালী মধ্যমীয়া পৰ্যায়ৰ ক্ষেপনাস্ত্ৰ প্ৰণালী এয়াৰ টু গ্ৰাউণ্ড মিছাইল যাৰ ক্ষমতা হৈছে প্ৰায় 60ৰ পৰা 70 কিলোমিটাৰ আৰু ইয়াক প্ৰথমে ফ্ৰাঞ্চৰ নৌ সেনা আৰু বায়ু সেনাৰ বাবে তৈয়াৰ কৰা হৈছিল ৷

লগতে পঢ়কঃ হামাৰ মিছাইল সংলগ্ন কৰি ৰাফেল যুদ্ধ বিমানৰ ক্ষমতা বৃদ্ধিৰে ভাৰত

ইতিমধ্যেই ভাৰতীয় বায়ু সেনাৰ এটি বিশেষ প্ৰশিক্ষাৰ্থীৰ দলে ডেছাল্ট ৰাফেল মুখ্যালয়ত উন্নত মানৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে ৷ প্ৰায় 1500 ঘন্টাৰ উৰণ সম্পন্ন কৰা এইসকল বৈমানিকৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু উন্নত মানৰ প্ৰশিক্ষণো 2019ৰ ছেপ্তেম্বৰ মাহত সম্পূৰ্ণ হয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.