নিউজ ডেস্ক, 9 জুন : নেপালৰ সদনত উত্থাপন হৈছে মানচিত্ৰ সলনিৰ এক সাংবিধানিক সংশোধনী বিধেয়ক ৷ মঙলবাৰে দেশখনৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী শিৱমায়া থুমভাংফে সদনত উত্থাপন কৰে এই বিধেয়কখন ৷
উল্লেখ্য যে, বিগত মাহত নেপালে প্ৰকাশ কৰা ৰাজনৈতিক মানচিত্ৰত ভাৰতৰ নিয়ন্ত্ৰণত থকা লিপুলেখ, কালাপানী আৰু লিম্পিয়াধুৰাক সামৰি লৈছিল নেপালে ৷ ইয়াৰ পিচতে দুয়োখন দেশৰ মাজত আৰম্ভ হৈছিল সীমা-বিবাদ ৷ নেপালৰ বামপন্থী চৰকাৰে এইক্ষেত্ৰত একপ্ৰকাৰে ভাৰত চৰকাৰক প্ৰত্যাহ্বান হিচাপেই এই মানচিত্ৰ প্ৰকাশ কৰিছিল যদিও ভাৰত চৰকাৰৰ হেঁচাত সদ্যহাতে নেপাল চৰকাৰে দেশখনৰ সদনত মানচিত্ৰ সলনিৰ বাবে সংবিধান সংশোধনী বিধেয়ক উত্থাপন কৰিবলৈ বাধ্য হয় ৷
মঙলবাৰে দিনৰ ভাগত নেপালৰ আইন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰীয়ে এই বিধেয়কখন উত্থাপন কৰে ৷ বিগত মাহতে নেপালৰ সদনত এইখন বিধেয়ক উত্থাপন হোৱাৰ কথা আছিল যদিও প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিয়ে বিধেয়কখন উত্থাপন কৰাৰ পূৰ্বে এক সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰাৰ পোষকতা কৰে যাৰ ফলত আজি এইদৰে বিধেয়কখন নেপালৰ সদনত উত্থাপন হয় ৷
এই বিধেয়কৰ দ্বাৰা নেপালৰ মানচিত্ৰ সলনি কৰিব বিচৰা হৈছে যিটো দেশখনৰ সংবিধানৰ তৃতীয় অনুসূচীৰ অন্তৰ্গত ৷ নেপালৰ সদনৰ দুই-তৃতীয়াংশ ভোট লাভ কৰিলে দেশখনৰ সদনত উত্থাপন কৰা এখন বিধেয়ক আইনত পৰিনত হয় ৷
নেপাল কমিউনিষ্ট পাৰ্টীয়ে সদনৰ দুই-তৃতীয়াংশ অধিকাৰ কৰি আছে যদিও এখন বিধেয়ক আইনত পৰিনত কৰিবলৈ নিম্ন সদনত দলটোক অন্যান্য দলৰ সহায়ৰ প্ৰয়োজন হয়, যত দলটোৰ 10খন আসনৰ সংখ্যা কম ৷ নেপালৰ মুল বিৰোধী দল নেপালী কংগ্ৰেছে এই বিধেয়কখনৰ সপক্ষে ভোট দিয়াৰ সিদ্ধান্ত ইতিমধ্য়ে গ্ৰহণ কৰিছে ৷
লগতে পঢ়কঃ সীমা-বিবাদক লৈ ভাৰতৰ সৈতে আলোচনাত বহাৰ ইচ্ছাপ্ৰকাশ নেপালৰ