নেশ্যনেল ডেস্ক, ২৯আগষ্টঃ উত্তৰ প্ৰদেশৰ কাণপুৰত আৰক্ষীয়ে উৎখাত কৰিলে জুৱাৰ ঘাটি । জুৱা খেলি থকা অৱস্থাতে হাতে-লোটে আৰক্ষীয়ে কৰায়ত্ত কৰে ৭টা জুৱাৰীক। National Eligibility cum Entrance Test আৰু Joint Entrance Examination অনুষ্ঠিত কৰাক লৈ চক্ৰটোৱে জুৱা আৰম্ভ কৰিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে । আৰক্ষীয়ে ৭টা জুৱাৰীক গ্ৰেপ্তাৰ কৰে যদিও জুৱা চক্ৰটো নেতৃত্ব দিয়া মূল জুৱাৰীটো পলায়ন কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে জুৱা চক্ৰটোৰ পৰা নগদ ধনো জব্দ কৰে। উল্লেখ্য যে, বিৰোধী দলৰ নেতাসকলে NEET আৰু JEE পৰীক্ষা এই বৰ্ষৰ বাবে বাতিল কৰিবলৈ দাবী জনাই আহিছে। কিন্তু নেশ্যনেল টেষ্টিং এজেন্সিয়ে অহা ১৩ ছেপ্টেম্বৰত NEET আৰু ১-৬ ছেপ্টেম্বৰৰ ভিতৰত JEE পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
কাণপুৰত জুৱাৰ ঘাটি উৎখাত, ৭টা জুৱাৰীক গ্ৰেপ্তাৰ - NEET আৰু JEE
NEET আৰু JEE পৰীক্ষা অনুষ্ঠিত কৰাক লৈ জুৱা আৰম্ভ কৰিছে একাংশ অসাধু চক্ৰই। উত্তৰ প্ৰদেশৰ কাণপুৰত শুক্ৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৭টা জুৱাৰীক। জুৱা খেলি থকা অৱস্থাতে হাতে-লোটে কৰায়ত্ত কৰে আৰক্ষীয়ে ।