ETV Bharat / bharat

সংঘৰ্ষৰ পাচত ভিডিঅ' মুকলি মাওবাদীৰ, 19 জন জোৱানক হত্যা কৰাৰ দাবী

author img

By

Published : May 26, 2020, 9:10 AM IST

ছত্তীশগড় চুকুমাৰ মিনাপ্পা অৰণ্যত হোৱা সংঘৰ্ষত মাওবাদীয়ে 19 গৰাকী জোৱানক হত্যা কৰা বুলি দাবী কৰাৰ লগতে 20 গৰাকীক আহত কৰা বুলি দাবী জনায় । সংঘৰ্ষৰ পাচত মাওবাদী সকলে প্ৰকাশ কৰা ভিডিঅ'ত বাজেয়াপ্ত কৰা অস্ত্ৰ-শস্ত্ৰ সমূহ পদৰ্শন কৰে ।

বাজেয়াপ্ত কৰা অস্ত্ৰ-শস্ত্ৰ সমূহ পদৰ্শন
বাজেয়াপ্ত কৰা অস্ত্ৰ-শস্ত্ৰ সমূহ পদৰ্শনবাজেয়াপ্ত কৰা অস্ত্ৰ-শস্ত্ৰ সমূহ পদৰ্শন

নিউজ ডেস্ক, 26 মে': সোমবাৰে ছত্তীশগড়ৰ চুকুমাৰ মিনাপ্পা অৰণ্যৰ পৰা মাওবাদীয়ে এটা ভিডিঅ' প্ৰকাশ কৰে । মাওবাদী আৰু সুৰক্ষাবলৰ সংঘৰ্ষৰ পাচৰ ভিডিঅ'টোত 17 গৰাকী ৰাজ্যিক আৰক্ষীৰ জোৱান নিহত হৈছিল । প্ৰতিবেদন অনুসৰি, মাওবাদীয়ে দাবী কৰে যে এয়া সেই সংঘৰ্ষৰেই ভিডিঅ' । ভিডিঅ'টোত বহু সংখ্যক মাওবাদীক দেখিবলৈ পোৱা গৈছে । তাৰ লগতে ভিডিঅ'টোত গুলী-বোমাৰ শব্দও শুনা গৈছে ।

সংঘৰ্ষৰ পাচত ভিডিঅ' মুকলি মাওবাদীৰ
বাজেয়াপ্ত কৰা অস্ত্ৰ-শস্ত্ৰ সমূহ পদৰ্শন

এই ভিডিঅ'টোত মাওবাদীসকলে 11 টা AK-47, 2টা INSAS ৰাইফল, এটা SLR LMG, দুটা UBGL, 1550 টা গুলী আৰু 6 UBGL ফোন প্ৰদৰ্শন কৰিছে আৰু এই সমূহ সংঘৰ্ষত হত্যা কৰা জোৱান কেইজনৰ পৰা সংগ্ৰহ কৰিছে বুলি দাবী কৰিছে । আনহাতে সংঘৰ্ষটোত 19 জন জোৱান নিহত হোৱাৰ লগতে 20 গৰাকী জোৱানক আহত কৰা বুলি মাওবাদীয়ে দাবী কৰিছে ।

উল্লেখ্য যে, মাওবাদী বিৰোধী অভিযানত যোৱা সুৰক্ষা বাহিনীৰ সৈতে 21 মাৰ্চত এক সংঘৰ্ষ সংঘটিত হৈছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.