ETV Bharat / bharat

দ্বি-পাক্ষিক সম্পৰ্ক উন্নত কৰাৰ স্বাৰ্থত ভাৰতীয় নৌ-সেনাৰ মুৰব্বীৰ ম্যানমাৰ যাত্ৰা

author img

By

Published : Feb 18, 2020, 12:16 PM IST

Updated : Feb 18, 2020, 1:58 PM IST

ভাৰতীয় নৌ সেনাৰ মুৰব্বী কৰমবীৰ সিঙে 17 ফেব্ৰুৱাৰীত ম্যানমাৰ অভিমুখে যাত্ৰা কৰে ৷ নৌ সেনাৰ বিভাগীয় কৰ্তৃপক্ষই দ্বি-পাক্ষিক সামুদ্ৰিক সম্বন্ধ উন্নত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা বুলি প্ৰকাশ কৰে ৷

Navy chief on Myanmar visit to boost maritime ties etv bharat news
ভাৰতীয় নৌসেনা প্ৰধানৰ ম্যানমাৰ যাত্ৰা

নতুন দিল্লী,18 ফেব্ৰুৱাৰীঃ ভাৰত-ম্যানমাৰৰ মাজত সামুদ্ৰিক সম্পৰ্ক অধিক দৃঢ় কৰাৰ স্বাৰ্থত ভাৰতীয় নৌসেনা প্ৰধানৰ ম্যানমাৰ যাত্ৰা ৷ সেয়ে ভাৰতীয় নৌ সেনাৰ মুৰব্বী কৰমবীৰ সিঙে 17 ফেব্ৰুৱাৰীত ম্যানমাৰ অভিমুখে যাত্ৰা কৰে ৷ নৌসেনাৰ বিভাগীয় কৰ্তৃপক্ষই দ্বি-পাক্ষিক সামুদ্ৰিক সম্বন্ধ উন্নত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা বুলি প্ৰকাশ কৰে ৷

ভ্ৰমণসূচী অনুসৰি,ভাৰতীয় নৌ সেনা প্ৰধানগৰাকীয়ে ম্যানমাৰৰ নৌসেনা প্ৰধান টিন আংগ সানৰ লগত দ্বি-পাক্ষিক চৰ্চাত মিলিত হ’ব ৷ তদুপৰি প্ৰতিৰক্ষা বাহিনীৰ জ্যেষ্ঠ নেতা মিন আংগ হ্লিংগৰ লগতে অন্যান্য বিষয়াসকলৰ বিভিন্ন বিষয় সম্পৰ্কত বৈঠকত মিলিত হ’ব বুলি ভাৰতীয় নৌ সেনাৰ এক সূত্ৰত প্ৰকাশ পায় ৷ এই বৈঠকে ভাৰত-ম্যানমাৰৰ মাজৰ দ্বি-পাক্ষিক সম্পৰ্কক অধিক উন্নত কৰিব বুলি আশা প্ৰকাশ কৰিছে নৌ প্ৰধানগৰাকীয়ে ৷

সিঙে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীসকলৰ লগতো এক বাৰ্তালাপত মিলিত হ’ব ৷ য়াংগুনত অৱস্থিত ম্যানমাৰ নৌসেনাৰ প্ৰশিক্ষণ শিবিৰত উপস্থিত হৈ প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰিব ৷ ম্যানমাৰৰ নৌসেনা হিন্দু মহাসাগৰীয় নৌ সেনা গোষ্ঠীৰ সদস্য হোৱাৰ লগতে ইয়াৰ দ্বাৰা পৰিচালিত সকলো কাৰ্যক্ৰমত অংশগ্ৰহণ কৰে ৷

ভাৰতীয় নৌ সেনাই নিয়মিত ৰূপত ম্যানমাৰৰ নৌ সেনাৰ লগত বিভিন্ন বিষয়ত আলোচনা কৰা বুলি জানিবলৈ দিয়ে ৷ ইয়াৰ লগতে দুয়োখন দেশৰ নৌ সেনা মুৰব্বীয়ে এডমিৰল কাপ গোৱা,শাৰিৰীক তথা যোগ অনুশীলন মিলান সম্পৰ্কত এক আলোচনাত মিলিত হ’ব বুলি ভাৰতীয় নৌসেনাৰ বিভাগীয় কৰ্তৃপক্ষই প্ৰকাশ কৰে ৷

লগতে চাওকঃক’ৰোণা ভাইৰাছঃ য়ুহান অভিযানৰ এয়াৰ ইণ্ডিয়াৰ সাহসী দলটোলৈ সন্মান প্ৰধানমন্ত্ৰীৰ

Last Updated : Feb 18, 2020, 1:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.