ETV Bharat / state

চলিত বৰ্ষত মুঠ 456 গৰাকী নাবালক-নাবালিকাক উদ্ধাৰ উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ৰে’ল সুৰক্ষা বাহিনীৰ - minors rescued by RPF

author img

By ANI

Published : Sep 8, 2024, 8:20 PM IST

North Eastern Frontier Railway: ৰে’লত সংঘটিত বিভিন্ন অপৰাধমূলক কাৰ্যৰ বিৰুদ্ধে নিৰন্তৰ অভিযান অব্যাহত ৰাখিছে ৰে’ল সুৰক্ষা বাহিনীয়ে ৷ উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ সূত্ৰই জনোৱা মতে যোৱা জানুৱাৰী মাহৰ পৰা জুলাই মাহলৈকে মুঠ 456 গৰাকী নাবালক-নাবালিকা আৰু 42 গৰাকী মহিলাক উদ্ধাৰ কৰিছে ৰে’ল সুৰক্ষা বাহিনীয়ে ৷

North Eastern Frontier Railway
MINORS RESCUED BY RPF (ANI)

নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ: উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ (NFR) ৰে'ল সুৰক্ষা বাহিনীয়ে নিয়মীয়া তালাচী অভিযানৰ সময়ত ৪৪ গৰাকী নাবালক-নাবালিকা আৰু ৩ গৰাকী মহিলাক সফলতাৰে উদ্ধাৰ কৰে, যোৱা ১৬ আগষ্টৰ পৰা ৩১ আগষ্টলৈ উত্তৰ সীমান্ত ৰে'লৱেৰ বিভিন্ন ৰে'ল আৰু ৰে'ল ষ্টেচনত চলোৱা অভিযানত উদ্ধাৰ হৈছে এই নাবালক-নাবালিকা আৰু মহিলাকেইগৰাকী ।

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিয়া মতে, 2024 চনৰ জানুৱাৰী মাহৰ পৰা জুলাই মাহলৈকে চলা এনে অভিযানত মুঠ 456 গৰাকী নাবালক-নাবালিকা আৰু 42 গৰাকী মহিলাক উদ্ধাৰ কৰিছে ৰে’ল সুৰক্ষা বাহিনীয়ে ৷ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰেল সুৰক্ষা বাহিনীয়ে চৰকাৰী ৰে’ল আৰক্ষী আৰু চাইল্ড লাইন তথা এন জি অ’ৰ সহযোগত উদ্ধাৰ কৰিছে এই নাবালক আৰু মহিলাসকলক ৷

‘‘অভিযানত উদ্ধাৰ হোৱা শিশু আৰু মহিলাসকলক চাইল্ড লাইন, এন জি অ’ আৰু চৰকাৰী ৰে’ল আৰক্ষীক উপযুক্ত আইনী প্ৰক্ৰিয়াৰ বাবে গতাই দিয়া হৈছে ৷ এই অভিযানৰ সময়তে মুঠ 8 টা সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰা হৈছে ৷’’ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শৰ্মাই কয় ৷

তেওঁ লগতে কয় যে যোৱা 16 আগষ্টত এনে এক উদ্ধাৰ অভিযানত কিষাণগঞ্জৰ ৰে’ল সুৰক্ষা বাহিনীয়ে কিষানগঞ্জ ৰে’লৱে ষ্টেচনৰ পৰা উদ্ধাৰ কৰে তিনিজন পলায়ন কৰা নাবালকক । তাৰোপৰি, যোৱা 24 আগষ্টত ডিব্ৰুগড়ত ৰে’ল সুৰক্ষা বাহিনীয়ে ডিব্ৰুগড় ৰে’লৱে ষ্টেচনৰ পৰা এজন নাবালকক উদ্ধাৰ কৰে ৷ পিছত উদ্ধাৰ হোৱা নাবালককেইজনক ক্ৰমে চাইল্ড হেল্প লাইন কিষানগঞ্জ আৰু ডিব্ৰুগড়ক গতাই দিয়া হয় ।

"ৰে'ল আৰু ৰে'লৱে ষ্টেচন চৌহদত যত্ন আৰু সুৰক্ষাৰ প্ৰয়োজনীয়তা থকা শিশু উদ্ধাৰ হ'লে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা হয় । ৰে'ল যাত্ৰীক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত আৰ পি এফে অপৰাধীৰ বিৰুদ্ধে অদম্য যুঁজ অব্যাহত ৰাখিছে ৷ মানৱ সৰবৰাহৰ সৈতে জড়িত সন্দেহযুক্ত ব্যক্তিসকলৰ বাবেও সজাগ হৈ আছে । যেনে শিশুৰ সন্দেহজনক চলাচল, অকলে ভ্ৰমণ কৰা, উপযুক্ত অভিভাৱক নোহোৱাকৈ যাত্ৰা কৰা আদি ।" কপিঞ্জল কিশোৰ শৰ্মাই কয় ।

লগতে পঢ়ক: আগৰতলা ৰে’ল ষ্টেচনত ১৬ জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ - Bangladeshi nationals arrested

উত্তৰ-পূৰ্বাঞ্চলৰ সীমান্ত অঞ্চললৈ ৰে’লপথ সম্প্ৰসাৰণৰ লক্ষ্য ৰে’ল বিভাগৰ - INDIAN RAILWAYS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.