ETV Bharat / bharat

চিকিৎসাৰ বাবে দিল্লীলৈ নগা বিদ্ৰোহী নেতা থুইগালেং মুইভা - মুইভাৰ দিল্লী যাত্ৰা

নগা সশস্ত্ৰ বিদ্ৰোহৰ অন্যতম গুৰিধৰোতা তথা এনএছচিএনৰ এগৰাকী বিদ্ৰোহী নেতা থুইগালেং মুইভাই সোমবাৰে নতুন দিল্লীলৈ উৰা মাৰে ৷ সাতগৰাকীকৈ লোকক লগত লৈ চিকিৎসাৰ বাবে চাটাৰ্ড প্লেনত উঠি দিল্লীলৈ যায় বিদ্ৰোহী নেতাগৰাকী ৷

চিকিৎসাৰ বাবে দিল্লীলৈ নগা বিদ্ৰোহী নেতা থুইগালেং মুইভা

author img

By

Published : Jul 22, 2020, 5:45 AM IST

নিউজ ডেস্ক, 22 জুলাই : নগা সশস্ত্ৰ বিদ্ৰোহৰ অন্যতম গুৰিধৰোতা তথা নাগালেণ্ডৰ নেশ্বনেল চছিয়েলিষ্ট কাউন্সিল অৱ নাগালিম(আইএম)ৰ সাধাৰণ সম্পাদক থুইগালেং মুইভাই সোমবাৰে নতুন দিল্লীলৈ উৰা মাৰে ৷ নিজৰ পত্নীৰ লগতে আন সাতগৰাকী লোকসহ দিল্লীলৈ উৰা মাৰে বিদ্ৰোহী নেতাগৰাকী ৷

তেওঁৰ এই যাত্ৰাৰ বিষয়ে বিশেষ জানিব পৰা হোৱা নাই যদিও চিকিৎসাজনিত কাৰণতে দিল্লীলৈ উৰা মাৰে বিদ্ৰোহী নেতাগৰাকীয়ে ৷ এক বিশেষ সূত্ৰই এই কথা প্ৰকাশ কৰিছে ৷ মুইভা আৰু তেওঁৰ পত্নীৰ সৈতে যোৱা আন সাতগৰাকী লোক কোনো বিদ্ৰোহী নেতা নহয়, তেওঁলোকৰ ঘৰত কাম কৰা মানুহ বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে ৷

86 বছৰীয়া মুইভা নগা শান্তি চুক্তিৰ এগৰাকী অন্যতম হোতা, আৰু বিগত কিছুদিনৰ পৰাই তেওঁ স্বাস্থ্যজনিত সমস্যাত ভূগি আহিছিল বুলি জানিব পৰা গৈছে ৷ বিগত সপ্তাহতো তেওঁ নগা শান্তি চুক্তিৰ মধ্যস্থতাকাৰী তথা নাগালেণ্ডৰ গৱৰ্নৰ আৰ এন ৰবিৰ সৈতে ডিমাপুৰত অনুষ্ঠিত হ'বলগীয়া এখন সভাত উপস্থিত থাকিব পৰা নাছিল ৷

কেন্দ্ৰৰ সৈতে এনএছচিএন(আইএম)ৰ 1997 চনতে যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ হৈছিল ৷ তেতিয়াৰ পৰাই দুয়োপক্ষৰ মাজত 100 বাৰৰো অধিক দেশৰ ভিতৰত আৰু বাহিৰত আলোচনা অনুষ্ঠিত হৈছিল যদিও দীৰ্ঘদিনীয়া শান্তি প্ৰক্ৰিয়াৰ কোনো স্থায়ী সমাধান ওলোৱা নাছিল ৷ তেওঁলোকৰ মুখ্যদাবীসমূহৰ ভিতৰত এখন পৃথক নগা পতাকা আৰু নগা সংবিধানৰ দাবী এই শান্তি প্ৰক্ৰিয়াৰ অন্যতম আছিল ৷ বিদ্ৰোহী সংগঠনটোৱে নাগালেণ্ড,অসম,মণিপুৰ,অৰুণাচল প্ৰদেশ আৰু ম্যানমাৰৰ কিছু অংশত কাৰ্যক্ষম হৈ আছে ৷

বিগত 14 জুলাইত বিদ্ৰোহী সংগঠনটোৱে অৰুণাচল প্ৰদেশৰ লংডিঙত 11 জুলাইত সংঘটিত হোৱা সংঘৰ্ষত তেওঁলোকৰ 6জনকৈ বিদ্ৰোহী ভাৰতীয় সামৰিক বাহিনীৰ দ্বাৰা নিধন হোৱা কাৰ্যৰ প্ৰতিবাদত যুদ্ধবিৰতি চুক্তিৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক স্থিতি স্পষ্ট কৰিবলৈ এসপ্তাহ সময় প্ৰদান কৰিছিল ৷ 2001 চনৰ 14 জুনত স্বাক্ষৰিত বেংকক চুক্তিৰ অধীনত তেওঁলোকে এতিয়ালৈকে কোনোধৰণৰ যুদ্ধবিৰতি উলংঘণ কৰা নাই বুলি নিজৰ স্থিতি স্পষ্ট কৰি দিয়ে ৷ মঙলবাৰে তেওঁলোকে ধৰি দিয়া এসপ্তাহ সময়ৰ অন্ত পৰে ৷

এনে অৱস্থাত নগা শান্তি চুক্তিৰ অন্যতম হোতা তথা নগা সশস্ত্ৰ বিদ্ৰোহৰ অন্য়তম নেতাগৰাকীৰ এইদৰে কোনো তথ্য নোহোৱাকৈ কেৱল মাত্ৰ স্বাস্থ্যজনিত দিশটোৰ দোহাই দি চাটাৰ্ড প্লেনত উঠি দিল্লীলৈ যোৱা কাৰ্যক সহজে লোৱা নাই বহুতেই ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.