ETV Bharat / bharat

চলন্ত ৰেলত ধৰ্ষণ কৰি গতিয়ালে 25 বছৰীয়া মহিলাক - চলন্ত ৰে'ল

মুম্বাইত সংঘটিত হৈছে এটা ধৰ্ষণৰ ঘটনা ৷ এগৰাকী 25 বছৰীয়া মহিলাক ধৰ্ষণ কৰি গতিয়াই পেলালে চলন্ত ৰে'লৰ পৰা ৷ মঙলবাৰে ৰাতিপুৱা ৱাশী বে’ সেতুৰ ৰে'লৱে ট্ৰেকত এজন স্থানীয় লোকে অচেতন অৱস্থাত মহিলা গৰাকীক প্ৰত্যক্ষ কৰে ৷ পাচত আৰক্ষীৰ সহযোগত মহিলা গৰাকীক উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে ৷

mumbai-woman-raped-thrown-out-of-train
মুম্বাইত ধৰ্ষণ কৰি মহিলাক পেলাই দিলে চলন্ত ৰে'লৰ পৰা
author img

By

Published : Dec 27, 2020, 12:15 PM IST

মুম্বাই, 27 ডিচেম্বৰ: মুম্বাইত এগৰাকী 25 বছৰীয়া মহিলাক ধৰ্ষণ কৰি চলন্ত ৰে'লৰ পৰা দলিয়াই দিয়ে ৷ মঙলবাৰে ৰাতিপুৱা ৱাশী বে সেতুৰ ৰে'লৱে ট্ৰেকৰ ওচৰত অচেতন অৱস্থাত এজন স্থানীয় লোকে প্ৰত্যক্ষ কৰে ৷ লোকজনে লগে লগে ষ্টেচন মাষ্টৰক অৱগত কৰাই ৷ ততাতৈয়াকৈ ষ্টেচন মাষ্টৰ গৰাকীয়ে স্থানীয় আৰক্ষীক খবৰ দিয়াত সহকাৰী আৰক্ষী পৰিদৰ্শক ভউচাহেব শিণ্ডে এটি আৰক্ষীৰ দল লৈ ঘটনাস্থলীত উপস্থিত হৈ মহিলা গৰাকীক উদ্ধাৰ কৰি ৱাশী পৌৰ চিকিৎসালয়ত ভৰ্তি কৰোৱাই ৷ পাচত উন্নত চিকিৎসাৰ বাবে জে জে চিকিৎসালয়লৈ প্ৰেৰণ কৰে চিকিৎসকে ৷

ৰে'লৱে আৰক্ষীয়ে জনোৱা মতে, এজন অচিনাক্ত লোকৰ বিৰুদ্ধে হত্যা আৰু ধৰ্ষণৰ চেষ্টা কৰাৰ অপৰাধত এক গোচৰ ৰুজু কৰা হৈছে ৷ মহিলা গৰাকীৰ স্বাস্থ্যৰ অতি অৱনতি ঘটা বাবে কোনো প্ৰশ্ন সুধিব পৰা হোৱা নাই ৷ মহিলা গৰাকী অলপ সুস্থ হ'লেই অধিক তথ্য লৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিব ৷ ইতিমধ্যে আৰক্ষীয়ে নিজা ববীয়াকৈ গোচৰ ৰুজু কৰি তদন্তৰ বাবে দল গঠন কৰিছে ৷ আৰক্ষীয়ে ৰে'লৱে ষ্টেচনৰ চিচি টিভি কেমেৰা পৰীক্ষা কৰাৰ লগতে মহিলা গৰাকীৰ আত্মীয়ৰ লগতে কথা বতৰা হৈছে ৷

উল্লেখ্য যে, ধৰ্ষণৰ বলি হোৱা মহিলা গৰাকীয়ে মুম্বাই চহৰৰ পোৱাই নামৰ ঠাইত গৃহ সহায়ক হিচাপে কাম কৰি আছিল ৷ সপ্তাহত এবাৰ ঘৰলৈ যোৱা মহিলা গৰাকীয়ে মঙলবাৰে নিজ ঘৰলৈ গৈ থকা অৱস্থাতে এই ঘটনাটি সংঘটিত হয় ৷

লগতে পঢ়ক: কৃষক নেতা ৰাকেশ টিকাইটক হত্যাৰ ভাবুকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.