ETV Bharat / bharat

ভুৱা টিআৰপি কেলেংকাৰী সন্দৰ্ভত আৰু এজনক আটক - টিভি চেনেল

বৃহস্পতিবাৰে টেলিভিশ্বন ৰেটিং পইণ্ট (TRP)ত কেলেংকাৰী সংঘটিত কৰা নৱমজন অভিযুক্তক আটক কৰে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই ৷ অভিযুক্তজন চান্দিৱালীৰ নিৱাসী হৰিশ কমলাকৰ পাটিল বুলি চিনাক্ত ৷

Mumbai police arrest ninth accused in TRP fraud case
টিআৰপি কেলেংকাৰী সন্দৰ্ভত 9 নম্বৰ অভিযুক্তক গ্ৰেপ্তাৰ
author img

By

Published : Oct 24, 2020, 1:54 PM IST

নিউজ ডেস্ক,24 অক্টোবৰ : মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই বৃহস্পতিবাৰে টেলিভিশ্বন ৰেটিং পইণ্ট (TRP)ত কেলেংকাৰী সংঘটিত কৰা নৱমজন অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় ৷ চান্দিৱালীৰ নিৱাসী 45 বৰ্ষীয় হৰিশ কমলাকৰ পাটিলক চোৰাং অপৰাধ শাখাই আটক কৰে ৷

আটক হোৱা অভিযুক্ত পাটিলক ইতিমধ্যে আদালতত হাজিৰ কৰা হৈছে আৰু আগন্তুক 26 অক্টোবৰলৈ তেওঁক আৰক্ষীৰ জিম্মাত ৰখা হৈছে ৷ পাটিলে কেইবাটাও টিভি চেনেলৰ পৰা টকা লৈ টিআৰপিত দুৰ্নীতি সংঘটিত কৰা বুলি এজন বিষয়াই জানিবলৈ দিয়ে ৷

তদন্তৰ অন্তত গম পোৱা গৈছে যে, পাটিল আৰু অভিষেক কোঠাৱালে নামৰ এজন পলাতক সংবাদ কৰ্মী অভিযুক্তৰ মাজত বিত্তীয় লেন-দেন আছিল ৷ তদন্ত আৰম্ভ হোৱাৰ পাচত পাটিলে কোঠাৱালেক চহৰৰ পৰা পলাই যোৱাত সহায় কৰে ৷

পাটিল কেইবাটাও চেল কোম্পানীৰ স্বত্বাধিকাৰী ৷ এই কোম্পানীসমূহৰ বেংক একাউণ্ট প্ৰত্যক্ষ কৰি টিভি চেনেলৰ পৰা টকাৰ লেন-দেন কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷

বিষয়াই জনোৱা মতে, এই ধন কোঠাৱালেৰ দ্বাৰা ইতিমধ্যে আটক হোৱা অভিযুক্তসকলক প্ৰদান কৰা হৈছিল ৷ বিশেষ কিছুমান ঘৰত গৈ এই টকাসমূহ প্ৰদান কৰা হৈছিল আৰু এক বিশেষ চেনেল চাবলৈ দৰ্শকৰ পৰা ডাটা সংগ্ৰহ কৰা হৈছিল ৷

লগতে পঢ়ক : মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বিনায়ক দাদা পাটিলৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.