ETV Bharat / bharat

ড্ৰাগছ সৈতে জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ মন্ত্ৰীৰ জোঁৱাই - নৱাব মালিকৰ জোঁৱাই সমীৰ খান ড্ৰাগছৰে জড়িত

মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকৰ জোঁৱাই সমীৰ খানক 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷ বিগত 13 জানুৱাৰীত ড্ৰাগছ সৈতে জড়িত থকাৰ অপৰাধত আটক কৰা হৈছিল সমীৰ খানক ৷

Mumbai Drugs Case: Sameer Khan sent to 14-day judicial custody
ড্ৰাগছ সৈতে জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ মন্ত্ৰীৰ জোঁৱাই
author img

By

Published : Jan 18, 2021, 10:36 PM IST

নিউজ ডেস্ক,18 জানুৱাৰী : ড্ৰাগছৰ সৈতে জড়িত থকাৰ অভিযোগত 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকৰ জোঁৱাই সমীৰ খানক ৷ 13 জানুৱাৰীত আটক কৰা হৈছিল সমীৰ খানক ৷ সোমবাৰে আদালতত হাজিৰ কৰোৱাৰ পূৰ্বে চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰা হয় সমীৰ খানৰ ৷ সমীৰে গাঞ্জাৰে চিবিডি তেল আৰু অন্যান্য ৰয়ায়নিক দ্ৰব্য মিশ্ৰণ ঘটাব বিচৰা সন্দৰ্ভত এটি বাৰ্তালাপৰ তথ্য লাভ কৰে নাৰ্কোটিকছ কন্ট্ৰ’ল ব্যুৰ’ই ৷

এন চি বিয়ে কয় যে, ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত আছিল সমীৰ ৷ ইতিমধ্যে এই সন্দৰ্ভত সমীৰ আৰু কৰণ নামৰ এজন লোকৰ মাজত প্ৰায় 20,000 টকাৰ লেন-দেন হৈছে ৷ উল্লেখ্য যে, বিগত 14 জানুৱাৰীত নৱাব মালিকে এক টুইটযোগে কৈছিল ‘আইনৰ উৰ্ধত কোনো নহয়, কোনো ভেদভাৱ নকৰাকৈ আইন সকলোৰে বাবে সমান হোৱা উচিত ৷ আইনে নিজৰ কাম কৰি যাব আৰু দোষীক উচিত শাস্তি প্ৰদান কৰিব ৷’

লগতে পঢ়ক- প্ৰতিষেধক প্ৰস্তুত কৰি ভাৰতে চীনা ভাইৰাছৰ পৰা মানৱতাক ৰক্ষা কৰিছে : আৰএছএছ নেতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.