ETV Bharat / bharat

মধ্য প্ৰদেশত মহিলাৰ অৰ্ধদগ্ধ মৃতদেহ উদ্ধাৰ - মধ্য প্ৰদেশত মহিলাৰ অৰ্ধদগ্ধ মৃতদেহ উদ্ধাৰ

মধ্য প্ৰদেশৰ বাদগাঁৱত উদ্ধাৰ এগৰাকী মহিলাৰ অৰ্ধদগ্ধ মৃতদেহ । দলবদ্ধ ধৰ্ষণৰ পিছত মহিলাগৰাকীক হত্যা কৰা হৈছে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ।

মধ্য প্ৰদেশত মহিলাৰ অৰ্ধদগ্ধ মৃতদেহ উদ্ধাৰ

author img

By

Published : Jan 13, 2021, 4:10 PM IST

নেশ্যনেল ডেস্ক, ১৩ জানুৱাৰী: মধ্য প্ৰদেশৰ বালাঘাট জিলাৰ বাদগাঁৱৰ জংঘলৰ মাজত ৰহস্যজনকভাৱে এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ । অৰ্ধদগ্ধ অৱস্থাত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ । ঘটনাস্থলীত পৰি থকা শিলত তেজৰ দাগ স্পষ্ট হৈ আছিল আৰু সেই স্থানৰ পৰা ২ কিঃমিঃ দূৰত ফটা-চিটা কাপোৰ উদ্ধাৰ হয় । মহিলাগৰাকী দলবদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বলি হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । গাঁও পঞ্চায়তৰ মুৰব্বীয়ে এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে আৰক্ষীক খবৰ দিয়ে ।

ইয়াৰ পিছতে পৰস্বৰাৰ মহকুমা বিষয়া অপূৰ্বা ভলৱী আৰু আৰক্ষী পৰিদৰ্শক ৰাম সিং ৰাথোৰ ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে । জেতুকা লগোৱা দুহাত আৰু খাৰু, পায়েলৰ সৈতে মহিলাগৰাকী নৱ বিবাহিতা বুলি অনুমান কৰিব পাৰি । ৩-৪ দিন পূৰ্বেই মহিলাগৰাকীক হত্যা কৰা হৈছিল আৰু তেওঁৰ ঘৰ আন ঠাইত বুলি সন্দেহ কৰিছে আৰক্ষীয়ে । ঘটনাস্থলীত আৰক্ষীয়ে লাভ কৰা প্ৰমাণে মহিলাগৰাকীক বলপূৰ্বকভাৱে ধৰ্ষণ কৰা আৰু হত্যা কৰাকে সূচাইছে ।

উল্লেখ্য যে, ধাৰাবাহিকভাৱে তৃতীয় বৰ্ষৰ বাবে ২০১৮ চনত মধ্য প্ৰদেশত আটাইতকৈ বেছি ধৰ্ষণৰ ঘটনা পঞ্জীয়ন কৰা হৈছিল । নেশ্যনেল ক্ৰাইম ৰিপ'ৰ্ট ব্যুৰ'ই যোৱা ৬ জানুৱাৰীত প্ৰকাশ কৰা প্ৰতিবেদন মতে, ২০১৮ চনত দেশত সংঘটিত হোৱা ৩৩,৩৫৬টা ধৰ্ষণ কাণ্ডৰ ভিতৰত ১৬ শতাংশ মধ্য প্ৰদেশত সংঘটিত হৈছিল । ২০১৬ আৰু ২০১৭ চনতো ৰাজ্যখনত দেশৰ ভিতৰতে আটাইতকৈ বেছি ধৰ্ষণ কাণ্ড সংঘটিত হৈছিল ।

লগতে পঢ়ক:'শস্য বীমা যোজনা'ই কোটি কোটি কৃষকক উপকৃত কৰিছে : প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.