ETV Bharat / bharat

পাহাৰীয়া পথেৰে কৰা ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সংগ্ৰাম

author img

By

Published : Jun 24, 2020, 9:19 PM IST

Updated : Jun 25, 2020, 11:04 PM IST

অতীতৰে পৰা ভাৰতবৰ্ষৰ পৰ্বতীয়া যুদ্ধৰ এক সুকীয়া ইতিহাস আছে ৷ প্ৰাক স্বাধীনোত্তৰ কালত অৰ্থাৎ 1941 চনত ৰেড ঈগল ডিভিজনে পাহাৰীয়া পথেৰে ইটালীৰ সৈন্যৰ বিপৰীতে যুদ্ধ কৰি পৰাজিত কৰিছিল ৷ এয়া আছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ কথা ৷

MOUNTAIN WARFARE INDIA ARMED FORCES ETV BHARAT NEWS
ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সংগ্ৰাম

নিউজ ডেস্ক,24 জুন: গলৱান উপত্যকাত বিগত কিছুদিন পূৰ্বে ভাৰতীয় আৰু চীনা সৈন্যৰ মাজত হোৱা হিংসাত্মক ঘটনাত 20 গৰাকী ভাৰতীয় সৈন্য শ্বহীদ হৈছিল ৷ চীনা সৈন্যসকলে ইতিমধ্যে বহুবাৰ পৰ্বতীয়া যুদ্ধৰ মুখামুখি হৈছে ৷ অতীতৰে পৰা ভাৰতবৰ্ষৰ পৰ্বতীয়া যুদ্ধৰ এক সুকীয়া ইতিহাস আছে ৷ প্ৰাক স্বাধীনোত্তৰ কালত অৰ্থাৎ 1941 চনত ৰেড ঈগল ডিভিজনে পাহাৰীয়া পথেৰে ইটালীৰ সৈন্যৰ বিপৰীতে যুদ্ধ কৰি পৰাজিত কৰিছিল ৷ এয়া আছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ কথা ৷

পাহাৰীয়া পথেৰে কৰা যুদ্ধত ভাৰতীয় সৈন্যবাহিনীৰ সফলতা

  • 1967 চনত চীনাসকলৰ বিৰুদ্ধে নাথুলা-চাওলা পথেৰে কৰা যুদ্ধ য’ত ভাৰতীয় সৈন্য বাহিনীয়ে চীনা সৈন্যৰ পৰা যথেষ্ঠ ক্ষতিৰ সন্মুখীন হৈছিল ৷
  • 1987 চনত চিয়াচেনৰ হিম প্ৰবাহিত এলেকাত ভাৰতীয় সৈন্যই শতাধিক শিবিৰ স্থাপন কৰে ৷ সাগৰপৃষ্ঠৰ পৰা প্ৰায় 5000 ফুট উচ্চতাত অৱস্থিত এই বৰফাবৃত এলেকাত 6000-7000 সৈন্যই অৱস্থান কৰিছিল ৷
  • চিয়াচেন হিমবাহৰ দখল- এই বৰফাবৃত এলেকাটো মেঘদূত ইণ্ডিয়া শীৰ্ষক এক অভিযানৰ দ্বাৰা সফলতাপূৰ্বকভাৱে অধিকাৰ কৰি লৈছিল সৈন্য বাহিনীয়ে ৷ এই হিমবাহৰ পশ্চিম অংশৰ সাল্টোৰে ৰেঞ্জৰ অধিকাংশ এলেকা ভাৰতীয় সৈন্যই নিজৰ দখলত লৈছিল ৷
  • অপাৰেশ্বন ৰাজীৱ: 1987 চনত পাকিস্তানী সৈন্যক এখন পাহাৰৰ শৃংগত আবদ্ধ কৰি ৰাখিছিল ভাৰতীয় সৈন্যই ৷ পাকিস্তানী সৈন্যই প্ৰায় 21,000 ফুট উচ্চতাত অৱস্থিত এই অভিযানক সাংকেতিক ভাষাত ক্ৰাড পোষ্ট হিচাপে চিহ্নিত কৰে ৷ সকলো বাধা নেওচি ভাৰতীয় সৈন্যই বৰফৰ পাহাৰৰ মাজতে শত্ৰুপক্ষক আবদ্ধ কৰি লয় ৷ লগতে সশস্ত্ৰ সৈন্যই যুঁজ দিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত এই অভিযানৰ নাম সলনি কৰি বানা পোষ্ট কৰি দিয়া হৈছিল ৷ এই যুদ্ধত পৰাক্ৰম দেখুওৱা বীৰজনক পৰমবীৰ চক্ৰৰে সন্মানিত কৰা হৈছিল ৷
  • 1999 ৰ কাৰ্গিল যুদ্ধ: ভাৰতীয় সৈন্যৰ দ্বাৰা সফল অভিযান সম্পন্ন কৰা অন্যতম অভিযান হৈছে কাৰ্গিলৰ যুদ্ধ ৷ পাকিস্তানী সৈন্যৰ বিপক্ষে এই যুদ্ধত অৱতীৰ্ণ হৈছিল ভাৰতীয় সৈন্য ৷

ভাৰতীয় সেনাৰ পাহাৰীয়া বিভাজন

1962 ৰ যুদ্ধৰ সময়ত ভাৰতীয় সেনাই চীনা সৈন্যৰ হাতত পৰাস্ত হোৱাৰ পিছত ভাৰতীয় সেনাৰ বিভাজন হয় ৷ পাহাৰীয়া বিশেষকৈ উচ্চ শিখৰত যুদ্ধ কৰাৰ বাবে ভাৰতীয় সৈন্যবাহিনীক বিশেষভাৱে প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে গুলমাৰ্গত স্কাই স্কুল প্ৰতিষ্ঠা কৰা হয় ৷ বৰ্তমান এই বাহিনীত উচ্চ শিখৰত যুদ্ধ কৰিবলৈ 12 টা ভিন্ন বিভাগত 2,00,000 সৈন্যক প্ৰশিক্ষণ দিয়া হৈছে ৷ চীনা সংবাদপত্ৰ মডাৰ্ণৰ জ্যেষ্ঠ সম্পাদক হুৱাং গওজীয়ে ভাৰতীয় সৈন্য বাহিনীক বৰ্তমান বিশ্বৰ ভিতৰতে পাহাৰীয়া এলেকাত যুদ্ধৰ বাবে উৎকৃষ্ট সৈন্য হিচাপে অভিহিত কৰিছে ৷ ৱেপনৰী আলোচনী আৰু এগৰাকী চীনা বিশেষজ্ঞই ভাৰতীয় সৈন্যক এইক্ষেত্ৰত প্ৰশংসাৰে উপচাই তুলিছে ৷ দৰাচলতে চীনৰ বৈষম্যমূলক আচৰণৰ বাবে ভাৰতীয় সেনাবাহিনীয়ে ভাৰত-চীন সীমান্তৱৰ্তী প্ৰায় 3,488 কিল’মিটাৰ এলেকাত শিবিৰ স্থাপন কৰি চীনক প্ৰত্যাহ্বান জনোৱাৰ উদ্দেশ্যে সাজু হৈ উঠিছিল ৷

অসংৰক্ষণাত্মক ভূমিকাৰ দ্বাৰা পাহাৰসমূহত ষ্ট্ৰাইক বঢ়োৱাৰ উদ্দেশ্য আছিল 3,488 কিল’মিটাৰ দৈৰ্ঘ্যৰ চীন-ভাৰত সীমাত চীনৰ আক্ৰমণাত্মক ব্যৱহাৰক ৰোধ কৰাৰ ক্ষমতা তৈয়াৰ কৰা ৷ 2013 চনৰ মে’ মাহত ডেপচাংগ অঞ্চলত চীনৰ অবৈধ প্ৰৱেশৰ চেষ্টাই চৰকাৰৰ হাত শক্তিশালী কৰিছিল আৰু এই চেষ্টাৰ ফলত ইয়াৰ অনুমতি তাৎক্ষণিকভাৱে জুলাই মাহত প্ৰদান কৰা হয় ৷ প্ৰথম বিভাজনৰ বাবে 2014 চনৰ জানুৱাৰী মাহত পূৱ অঞ্চলত পাহাৰলৈ সুৰক্ষা বাহিনী প্ৰেৰণ কৰা হয় ৷ পশ্চিমবংগৰ পানাগড় য’ত দেশৰ প্ৰথম পাহাৰীয়া সুৰক্ষা বাহিনীৰ মুখ্য কাৰ্যালয় স্থাপন কৰা হয় ৷ 2017-2018 চনত পাঠানকোটত দ্বিতীয়টো শাখাৰ স্থাপনৰ কাৰ্য কেতিয়াও সম্পন্ন নহ’ল ৷ চৰকাৰৰ হাতত পৰ্যাপ্ত ধনৰ অভাৱত এই কাৰ্য স্থগিত ৰখা হয় ৷

পাহাৰীয়া সীমান্তত যুদ্ধৰ বাবে ভাৰতীয় সেনাৰ সৰ্বাধিক উচ্চতাত থকা প্ৰশিক্ষণ কেন্দ্ৰটো জম্মু-কাশ্মীৰৰ গুলমাৰ্গত অৱস্থিত ৷ ইয়াত প্ৰধানতঃ পাহাৰ বগোৱা, পাহাৰীয়া সংঘাতপূৰ্ণ পৰিৱেশত টহল আদিৰ প্ৰশিক্ষণ দিয়া হয় ৷ 1962 চনৰ 8 এপ্ৰিল তাৰিখে উক্ত বিদ্যালয়খন প্ৰশিক্ষণৰ বাবে স্থাপন কৰি এইচএডব্লিউএছ নামেৰে নামাকৰণ কৰা হয় ৷

উক্ত প্ৰশিক্ষণ কেন্দ্ৰটোত নিয়মিতভাৱে ইউএচ, ইউকে আৰু ৰাছিয়াৰ বিশেষ অভিযানকাৰী দল পৰ্যবেক্ষণৰ বাবে আহে ৷ এই প্ৰশিক্ষণ কেন্দ্ৰতেই তৈয়াৰ কৰা হয় উচ্চ পাহাৰত সকলো বাধাক নেওচি কৰ্তব্য কৰি যাব পৰা বিশ্বৰ শ্ৰেষ্ঠ সৈন্যসকলক ৷

Last Updated : Jun 25, 2020, 11:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.