ETV Bharat / bharat

ট্ৰাম্প আৰু মোডীৰ যুটীয়া বিবৃতি : সামৰিক খণ্ডৰ পৰা অৰ্থনীতিলৈ অধিক গুৰুত্ব ভাৰত-আমেৰিকাৰ - ট্ৰাম্প আৰু মোডীৰ যুটীয়া মন্তব্য : মোডী আৰু ট্ৰাম্পৰ ভাষণৰ কিয়দাংশ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে মঙলবাৰে পাৰস্পৰিক আলোচনাত মিলিত হয় ৷ প্ৰতিৰক্ষাকে ধৰি সুৰক্ষা, শক্তি, কূটনৈতিক সম্পৰ্ক, বাণিজ্য আৰু নাগৰিকৰ পৰা নাগৰিক জোঁটবন্ধন সম্পৰ্কে এইদৰে দুয়োগৰাকী নেতাই আলোচনাত মিলিত হয় ৷ দুয়োগৰাকী নেতাই আলোচনাত নিজৰ নিজৰ মন্তব্য দাঙি ধৰে ৷

Modi, Trump issue joint statement: Highlights from PM and POTUS speech
ট্ৰাম্প আৰু মোডীৰ যুটীয়া মন্তব্য : মোডী আৰু ট্ৰাম্পৰ ভাষণৰ কিয়দাংশ
author img

By

Published : Feb 25, 2020, 7:45 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে মঙলবাৰে পাৰস্পৰিক আলোচনাত মিলিত হয় ৷ প্ৰতিৰক্ষাকে ধৰি সুৰক্ষা, শক্তি, কূটনৈতিক সম্পৰ্ক, বাণিজ্য আৰু নাগৰিকৰ পৰা নাগৰিক জোঁটবন্ধন সম্পৰ্কে এইদৰে দুয়োগৰাকী নেতাই আলোচনাত মিলিত হয় ৷

আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে,

* ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ উষ্ম আদৰণি জনোৱা হয় ৷ তেওঁ পৰিয়ালৰ সৈতে ভাৰতলৈ অহাত মই সূখী অনুভৱ কৰিছো ৷ বিগত আঠমাহৰ ভিতৰত ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু মোৰ মাজত এয়া পঞ্চমখন আলোচনা ৷ যোৱাকালি মোটেৰা ষ্টেডিয়ামত ৰাষ্ট্ৰপতি ট্ৰাম্পক জনোৱা হোৱা অভূতপূৰ্ব আৰু ঐতিহাসিক সম্ভাষণ চিৰদিনৰ বাবে স্মৰণীয় হৈ ৰ'ব ৷

* যোৱাকালি পুনৰবাৰ এইটো স্পষ্ট হ'ল যে, ভাৰত-আমেৰিকাৰ মাজৰ সৌহাদ্য কেৱল মাত্ৰ দুয়োখন চৰকাৰৰ মাজতে সীমাৱদ্ধ নহয়, ই সম্পূৰ্ণৰূপে ৰাইজৰ দ্বাৰা পৰিচালিত আৰু নাগৰিককেন্দ্ৰীক ভাৱধাৰাৰে পুষ্ট ৷ এই সম্পৰ্ক 21 শতিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পৰ্ক আৰু তাৰ বাবে আজি ৰাষ্ট্ৰপতি আৰু মই আমাৰ এই সম্পৰ্কক সমসাময়িক বিশ্ব কূটনৈতিক সম্পৰ্কলৈ উন্নীত কৰিবলৈ সিদ্ধান্ত লৈছো ৷

* সন্ত্ৰাসৰ সৈতে জড়িত থকাসকলক ৰুদ্ধ কৰিবলৈ আমাৰ চেষ্টা বঢ়াই দিবলৈ সিদ্ধান্ত লৈছো ৷ ৰাষ্ট্ৰপতি ট্ৰাম্পে ড্ৰাগছ আৰু ৰাসায়নিক নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে যুঁজখনক অধিক গুৰুত্ব দিছে ৷ আজি আমি ড্ৰাগছ সৰবৰাহ, নাৰ্কো-সন্ত্ৰাসবাদ আৰু সংগঠিত অপৰাধৰ দৰে সাংঘাটিক সমস্যাৰ বিৰুদ্ধে এক নতুন তন্ত্ৰ গঢ়ি তুলিবলৈ মত প্ৰকাশ কৰিছো ৷ আমাৰ সামৰিক শক্তি সম্পৰ্ক শীঘ্ৰেই শক্তিশালী ৰূপত স্থাপন কৰা হ'ব লগতে এই শিতানত উমৈহতীয়া বিনিয়োগ ইতিমধ্যে বৃদ্ধি পাইছে ৷ তেল আৰু গেছৰ ক্ষেত্ৰত ভাৰতৰ বাবে আমেৰিকা গুৰুত্বপূৰ্ণ উৎস হিচাপে বিবেচিত হৈছে ৷

* ভাৰত আৰু আমেৰিকাই 21 শতিকাৰ সম্ভাৱনীয় প্ৰযুক্তিৰ লগতে উদ্যোগ 4.0ৰ বাবে বন্ধুত্ব, উদ্ভাৱন আৰু এন্টাৰপ্ৰাইজক লৈ নতুন নতুন দিশ স্থাপন কৰিছে ৷ আমেৰিকাৰ প্ৰযুক্তি উদ্যোগৰ নেতৃত্বক ভাৰতীয় কৰ্মীসকলৰ প্ৰতিভাই অধিক শক্তিশালী কৰিছে ৷ আমাৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যই বিগত তিনি বৰ্ষত দশকৰ সংখ্যাত উন্নতি লাভ কৰাৰ লগতে অধিক ভাৰসাম্যতা লাভ কৰিছে ৷

* ভাৰত আৰু আমেৰিকাৰ মাজৰ বিশ্বমানৰ সম্পৰ্ক দুয়োখন দেশৰ উমৈহতীয়া গণতান্ত্ৰিক মূল্যবোধ আৰু উদ্দেশ্যৰ ওপৰত নিৰ্ধাৰিত ৷ এই সহযোগিতা নীতিগত আন্তঃৰাষ্ট্ৰীয় নিৰ্দেশ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ উমৈহতীয়া বিশ্ব সাধাৰণৰ বাবে অধিক গুৰুত্বপূৰ্ণ ৷ ভাৰত-আমেৰিকাৰ এই বিশেষ সম্পৰ্কৰ ভেটি হৈছে আমাৰ নাগৰিকৰ সৈতে নাগৰিক সম্পৰ্ক ৷ এয়া কৰ্মীয়ে হওঁক অথবা শিক্ষাৰ্থী, এই বিষয়ত আমেৰিকাৰ বাবে ভাৰতীয়সকল হৈছে বৃহত্তম সহযোগকাৰী ৷

আলোচনাৰ অন্তত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে,

* মোৰ এই ভ্ৰমণ অবিস্মৰণীয় আৰু অসাধাৰণ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে এয়া বিশেষ সময় অতিবাহিত কৰিলো ৷ ধন্যবাদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ মই আৰু মেলানিয়াই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ লগতে ভাৰতীয়সকলৰ সহনশীলতা আৰু উদাৰতাত মন্ত্ৰমুদ্ধ হৈ পৰিছো ৷

* মই আৰু মেলানিয়াই মহাত্মা গান্ধীৰ আশ্ৰমত উপস্থিত হৈ তেওঁৰ স্মৃতি ৰোমন্থন কৰিছো ৷ আজি ৰাতিপুৱা তেওঁৰ স্মৃতিত সন্মান প্ৰদান কৰিছো ৷ ইয়াৰ লগতে আমি বিশ্বৰ অন্যতম সাস্কৃতিক আশ্বৰ্য তাজমহল ভ্ৰমণ কৰো ৷ আৰু নিশাৰ ভাগলৈ আমি ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ সৈতে একেলগে নৈশ আহাৰ গ্ৰহণ কৰিম ৷

* মই জানো প্ৰধানমন্ত্ৰী মোডীয়ে এই ভ্ৰমণক অধিক উৎপাদনক্ষম বুলি স্বীকাৰ কৰিব ৷ আমি ইতিমধ্যে 3 বিলিয়ন আমেৰিকান ডলাৰৰ বিনিময়ত সামৰিক চুক্তিত স্বাক্ষৰ কৰিছো যাৰ ভিতৰত আপাচি আৰু এমএইচ 60 ৰোমিঅ' হেলিকপ্টাৰ অন্যতম ৷ এই চুক্তিয়ে আমাৰ মাজৰ সামৰিক সম্পৰ্ক অধিক উন্নত কৰি তুলিব ৷

* এই আলোচনাত প্ৰধানমন্ত্ৰী মোডী আৰু মই দুয়োখন দেশকে মৌলবাদী ইছলামিক সন্ত্ৰাসবাদৰ পৰা সুৰক্ষিত কৰিবলৈ নিশ্চিত হও ৷ এইক্ষেত্ৰত পাকিস্তানৰ ভূমিৰ পৰা নিয়ন্ত্ৰিত হৈ থকা সন্ত্ৰাসবাদক ৰুদ্ধ কৰিবলৈ আমেৰিকাই হেঁচা প্ৰদান কৰিব ৷

* মোডী আৰু মই আমেৰিকা, ভাৰত, অষ্ট্ৰেলিয়া আৰু জাপানৰ মাজৰ সম্পৰ্ক অধিক দৃঢ় কৰি তোলাৰ ওপৰতো আলোচনা কৰো ৷ মই ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিচৰে পৰাই এইক্ষেত্ৰত আলোচনাত মিলিত হৈ সন্ত্ৰাসবাদ প্ৰতিৰোধ, চাইবাৰ ছিকিউৰিটী, সাগৰীয় সুৰক্ষা আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলটো সুৰক্ষিত কৰি তোলাৰ বাবে চাৰিওখন দেশৰ সহযোগিতা বৃদ্ধিত অধিক গুৰুত্ব দিছো ৷ দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক গাঢ় কৰি তুলিবলৈ আমি দুয়োখন দেশেই গণতান্ত্ৰিক মতধাৰা, সংবিধান যিয়ে স্বাধীনতা প্ৰদানৰ লগতে নাগৰিক অধিকাৰ আৰু আইনৰ শাসনৰ দ্বাৰা পৰিচালিত হৈ আহিছে ৷

* এই আলোচনাত দুয়োখন দেশৰ মাজত 5জি সেৱাৰ বিষয়েও কথা পাতো ৷ এই গেৰান্টি দিছো যে, ভৱিষ্যতৰ আন্তঃগাঁথনিসমূহ সুৰক্ষিত হ'ব ৷ অষ্ট্ৰেলিয়া আৰু জাপানৰ সৈতে লগ লাগি আমি ব্লু ডট নেটৱৰ্ক গঢ়ি তুলিম ৷ ইয়াৰ লগতে মোডীৰ সৈতে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক অৰ্থনৈতিক সম্পৰ্কক লৈয়ো আমি কথা পাতিছো৷ মই কাৰ্যালয়ত ভৰি দিয়া দিনৰে পৰাই ভাৰতলৈ উন্নত মানদণ্ডৰ আমেৰিকান শক্তি ৰপ্তানি 60 শতাংশৰ পৰা 500 শতাংশলৈ বৃদ্ধি পাইছে ৷ ইয়াৰ বাবে যোৱাকালি ExxonMobil এ এক চুক্তিৰ দ্বাৰা ভাৰতলৈ অধিক LNG ৰপ্তানি কৰিবলৈ থিৰাং কৰিছে ৷ দুয়োখন দেশৰ অৰ্থনীতি শক্তিশালী কৰিবলৈ ভাৰতত U.S. International Development Finance Corporation স্থায়ী কাৰ্যালয় নিৰ্মাণ কৰিব ৷ আমি মহিলা সৱলীকৰণৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছো যাৰ বাবে মোৰ জীয়াৰী ইভাংকাই বিগত বৰ্ষত হায়দৰাবাদলৈ আহি Global Entrepreneurship Summitত অংশগ্ৰহণ কৰিছিল ৷ ধন্যবাদ ইভাংকা ৷ আমি W-GDP কৰ্মপন্থাক আগস্থান প্ৰদান কৰি, এইক্ষেত্ৰত অধিক প্ৰকল্প গঢ়ি তোলাৰ বাবে নতুন দিল্লীৰ পৰা কলকাতালৈ কাৰ্যালয় গঢ়ি তুলিবলৈ সিদ্ধান্ত লৈছো ৷

* পুনৰবাৰ মই আমেৰিকাক সন্মান প্ৰদানৰ বাবে সমগ্ৰ ভাৰতবৰ্ষক ধন্যবাদ জ্ঞাপন কৰিছো ৷ মই নিশ্চিতি দিছো যে, এতিয়াৰে পৰাই ভাৰত-আমেৰিকাৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হৈ পৰিব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.