ETV Bharat / bharat

মোডী চৰকাৰে আইন উলংঘণ নকৰেঃ অমিত শ্বাহ - debate

লোকসভাত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (সংশোধনী) বিধেয়ক 2019ৰ ওপৰত সোমবাৰে বিতং আলোচনা হয় ৷ সদনত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে এইখন আইনত পৰিণত হ'লেও ইয়াৰ উলংঘন নহয় বুলি মন্তব্য কৰে ৷

মোডী চৰকাৰে আইন উলংঘণ নকৰেঃ অমিত শ্বাহ
author img

By

Published : Jul 15, 2019, 10:52 PM IST

নিউজ ডেস্ক,15 জুলাইঃ কেন্দ্ৰীয় চৰকাৰে কেতিয়াও আইনৰ অৱজ্ঞা নকৰে, বৰঞ্চ দেশে সন্মুখীন হৈ অহা সমস্যা সমাধানৰ বাবেই বহুটো আইনৰ সংশোধনী জৰুৰী হৈ পৰিছে ৷ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাক প্ৰদান কৰা ক্ষমতাৰ অপব্যৱহাৰ নকৰে বৰঞ্চ দেশৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ ইয়াৰ সংশোধনী যথেষ্ঠ গুৰুত্বপূৰ্ণ হৈ পৰিছে ৷ সোমবাৰে লোকসভাত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (সংশোধনী) বিধেয়ক 2019ৰ ওপৰত এইদৰে মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ নিজৰ ভাষণত সন্ত্ৰাসবাদ নিৰ্মূলকৰণ আইন(POTA)ক লৈয়ো সৰৱ হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷

মোডী চৰকাৰে আইন উলংঘণ নকৰেঃ অমিত শ্বাহ

সংশোধনী বিধেয়কখনৰ ওপৰত হোৱা তুমুল বিতৰ্কৰ অন্তত লোকসভাই বিধেয়কখন গৃহীত কৰে ৷ সংসদৰ নিম্ম সদনে সৰ্বমুঠ 278 ভোটেৰে বিধেয়কখন গৃহীত কৰে ৷ উল্লেখ্য যে,মুম্বাইত 166গৰাকী লোকৰ প্ৰাণ কাঢ়ি নিয়া ভয়ংকৰ বিস্ফোৰণৰ পিচতে 2009ত গঠন কৰা হৈছিল ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়া ৷ বিশেষ আইনৰ দ্বাৰা গঠন কৰা অনুসন্ধানকাৰী সংস্থাটোক যিকোনো ধৰণৰ সন্ত্ৰাসবাদমূলক কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান চলোৱাৰ লগতে নিজৰ বিশেষ আদালতৰ যোগেদি সকলোধৰণৰ অপৰাধৰ বিচাৰ কৰিবলৈ বিশেষ ক্ষমতা প্ৰদান কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ শেহতীয়াকৈ ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখি ভাৰতীয় আৰু ভাৰতীয়সকলৰ ওপৰত বিশ্বৰ যিকোনো প্ৰান্ততে হোৱা সন্ত্ৰাসমূলক আক্ৰমণৰ ওপৰত অনুসন্ধান তথা অভিযান চলাবলৈ সংস্থাটোক ক্ষমতা প্ৰদান কৰা হয় ৷

আনহাতে সমগ্ৰ বিধেয়কখনৰ ওপৰত চলি সদনত বিতৰ্ক চলি থকাৰ সময়তে বিজেপিৰ সত্যপাল সিং আৰু এ আই এম আই এমৰ সাংসদ আছাদুদ্দিন ওৱেছিৰ মাজত তুমুল খণ্ডযুদ্ধ সংঘটিত হয় ৷ ওৱেছিলৈ আঙুলিয়াই দি সত্যপাল সিঙে কয় যে,এক বিশেষ গোচৰত হায়দৰাবাদৰ আৰক্ষী আয়ুক্তৰ ওপৰত এজন ৰাজনৈতিক নেতাই বিশেষ হেচা প্ৰয়োগ কৰি গোচৰটোৰ তদন্ত অন্য দিশে লৈ গৈছিল আৰু আৰক্ষী বিষয়াগৰাকীক বদলিৰ ভয় দেখুৱাই এই কাম সংঘটিত কৰিছিল ৷ সেই সময়ত সিং মুম্বাইৰ আৰক্ষী আয়ুক্ত হিচাপে কৰ্মৰত আছিল আৰু সমগ্ৰ ঘটনাৰ বিষয়ে তেওঁ জ্ঞাত আছিল বুলি সদনত উল্লেখ কৰে ৷ সিঙৰ যুক্তি খণ্ডন কৰি উপযুক্ত তথ্য-প্ৰমাণসহকাৰে সদনৰ মজিয়াত এই কথা প্ৰকাশ কৰিবলৈ কয় আছাদুদ্দিন ওৱেছিয়ে ৷ এই কথাত পিচতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ চকীৰ পৰা ঠিয় হৈ সকলো কথা ধৈৰ্য সহকাৰে শুনিবলৈ কোৱাৰ লগতে আনে কৈ থকাৰ সময়ত কথা শুনাৰ ধৈৰ্য ৰাখিবলৈ কয় ৷ এই কথাত খৰ্গহস্ত হৈ ওৱেছিয়ে অমিত শ্বাহক আঙুলি টোৱাই কথা নক'বলৈ কোৱাৰ লগতে এইদৰে সদনৰ মৰ্যাদা হানি নকৰিবলৈ কয় ৷ ওৱেছিৰ অনুৰোধৰ পিছত অমিত শ্বাহে কয় যে,যদিহে কাৰোবাৰ মনত ভয় আছে সেইটোক লৈ মোৰ কোনো ক'বলগীয়া নাই যদিও ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত বিজেপিয়ে কেতিয়াও কোনো ধৰণৰ আপোচ নকৰে ৷

ZCZC
PRI GEN NAT
.NEWDELHI PAR14
LS-SHAH-OWAISI
Shah, Owaisi spar over NIA amendment bill
         New Delhi, Jul 15 (PTI) Lok Sabha Monday witnessed a spat
between Home Minister Amit Shah and AIMIM leader Asaduddin
Owaisi, with the BJP chief asserting that he is not
frightening anyone but cannot help when someone has fear in
their minds.
         The verbal duel between the two leaders started during a
discussion on the National Investigation Agency (Amendment)
Bill, when opposition members including Owaisi started
interrupting BJP's Satyapal Singh.
         Singh alleged that the then Hyderabad Police commissioner
was asked by a political leader of the state to change the
course of investigation in a particular case else he could be
transferred out.
         He said he is aware of the development as at that time he
was Mumbai police commissioner.
         Objecting to his claim, Owaisi, a MP from Hyderabad,
demanded that Singh should place on table of the House all
records related to his claim.
         On this, Shah got up from his seat and said treasury
members did not disturb opposition members during their
speeches so they should also do the same.
         Pointing out at Owaisi, Shah said opposition members
should have the patience to listen to others point of view.
         Owaisi got agitated and asked Shah to not point a finger
at him and said he cannot be frightened.
         In response, Shah said he is not trying to frighten him
and just saying that opposition members should have patience
to listen to the counter view.
         "When you have fear in your mind then what can I do," he
hit back. PTI JTR NAB
DV
DV
07151517
NNNN
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.