ETV Bharat / bharat

69 সংখ্যক জন্মদিনৰ দিনা গৃহৰাজ্যত মোডী...

সোমবাৰে নিশা মোডীয়ে তেওঁৰ জন্মদিন নিজৰ গৃহ ৰাজ্যত উদযাপন কৰিবলৈ আহমেদাবাদ বিমান বন্দৰত উপস্থিত হয় ৷ তেওঁক জন্মদিনৰ শুভেচ্ছা জনাবলৈ বহু সংখ্যক লোকে আহমেদাবাদ বিমান বন্দৰৰ বাহিৰত ভিৰ কৰেহি ৷

69 সংখ্যক জন্মদিনৰ দিনা গৃহৰাজ্যত মোডী...
author img

By

Published : Sep 17, 2019, 8:59 AM IST

নিউজ ডেস্ক, 17 চেপ্তেম্বৰঃ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 69 সংখ্যক জন্মদিন ৷ সোমবাৰে নিশা মোডীয়ে তেওঁৰ জন্মদিন নিজৰ গৃহ ৰাজ্যত উদযাপন কৰিবলৈ আহমেদাবাদ বিমান বন্দৰত উপস্থিত হয় ৷ তেওঁক জন্মদিনৰ শুভেচ্ছা জনাবলৈ বহু সংখ্যক লোকে আহমেদাবাদ বিমান বন্দৰৰ বাহিৰত ভিৰ কৰেহি ৷

আজি তেওঁৰ জন্মদিনৰ দিনটোত মোডীয়ে প্ৰথমে ৰেচন গাঁৱত উপস্থিত হৈ তেওঁৰ মাতৃ হীৰাবাক সাক্ষাৎ কৰি তেওঁৰ আৰ্শীবাদ লয় ৷ ইয়াৰ পাচতে তেওঁ নৰ্মদা জিলাৰ কেৱাড়িয়াস্থিত নদী বান্ধস্থলত উপস্থিত হয় ৷ নদী বান্ধস্থলত প্ৰধানমন্ত্ৰী গৰাকীয়ে নমামি দেৱী নৰ্মদা মহোৎসৱত অংশগ্ৰহণ কৰিব ৷ উল্লেখ্য যে এই নৰ্মদা মহোৎসৱ সমগ্ৰ ৰাজ্যতে উদযাপন কৰা হ'ব আৰু নৰ্মদা মহোৎসৱৰ মুখ্য সমাৰোহ কেৱাড়িয়াত উদযাপন কৰা হ'ব ৷ ইয়াৰ পাচতে মোডীয়ে এখন সভা সম্বোধন কৰিব ৷ এই সভাখনৰ বাবে এক বৃহৎ আকাৰৰ মণ্ডপ বনোৱা হৈছে য'ত নৰ্মদা,ভৰুছ , আৰু ছোটাওদয়পুৰৰ জিলাৰ পৰা প্ৰায় 10 হাজাৰ লোকে অংশগ্ৰহণ কৰিব পাৰিব ৷ সভা শেষ হোৱাৰ পাচত মোডীয়ে কেৱাড়িয়া নদী বান্ধস্থল আৰু ষ্টেচু অৱ ইউনিটিৰ পৰিদৰ্শন কৰিব ৷ ইয়াৰ পাচতে দিনৰ 12 বজাত তেওঁ কেৱাড়িয়াৰ সমীপৰ গুৰুণেশ্বৰ গাঁৱত উপস্থিত হৈ দত্তাত্ৰেয় মন্দিৰ দৰ্শন কৰিব ৷ ইপিনে মোডীৰ জন্মদিন উপলক্ষে গুজৰাটৰ চুৰাটত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু আতচবাজিৰে এক আবতৰীয়া দীপাৱলী উদযাপন কৰা হয় ৷ বিজেপি দলে 14 চেপ্টেম্বৰৰ পৰা মোডীৰ জন্মদিনৰ সপ্তাহটো 'সেৱা সপ্তাহ' হিচাপে উদযাপন কৰিছিল ৷ মোডীৰ জন্মদিনৰ লগত সংগতি ৰাখি বিজেপিৰ নেতা সকলে জন্মদিনৰ সপ্তাহটোত সমগ্ৰ দেশতে বিভিন্ন সমাজ-সেৱাও কৰিছিল ৷

Intro:Body:

NARENDRA MODI BIRTHDAY

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.