ETV Bharat / bharat

চলিত বৰ্ষত কেদাৰনাথৰ 'মোডী গুহা'ত নাই এজনো পৰ্যটক - চলিত বৰ্ষত বুকিং ন'হল কেদাৰনাথ মন্দিৰৰ ৰুদ্ৰ গুহা তথা মোডী গুহা

বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা মহামাৰী কৰ'ণা সংকটৰ বাবে চলিত বৰ্ষত কেদাৰনাথ মন্দিৰৰ ৰুদ্ৰ গুহা তথা মোডী গুহা নাহিল এজনো পৰ্যটক ৷ কৰ'ণা সংকটৰ মাজতে প্ৰায় 25 হাজাৰ ভক্তই কেদাৰনাথ মন্দিৰৰ যাত্ৰা কৰে যদিও বিগত বৰ্ষত প্ৰধানমন্ত্ৰী মোডীয়ে ধ্যান কৰা ৰুদ্ৰ ধ্যান গুহা বৰ্তমান পৰ্যন্ত বুকিং নোহোৱা বুলি জানিবলৈ দিয়ে গড়ৱাল মণ্ডল বিকাশ নিগমৰ নিৰ্দেশক ইভা আশীষ শ্ৰীবাস্তৱে ৷

চলিত বৰ্ষত বুকিং ন'হল কেদাৰনাথ মন্দিৰৰ ৰুদ্ৰ গুহা তথা মোডী গুহা

author img

By

Published : Aug 21, 2020, 10:35 AM IST

নিউজ ডেস্ক, 21 জুলাইঃ চলিত বৰ্ষত স্থবিৰ হৈ পৰিল কেদাৰনাথ মন্দিৰৰ ৰুদ্ৰ ধ্যান গুহাৰ বুকিং প্ৰক্ৰিয়া ৷ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা মহামাৰী কৰ'ণা সংকটৰ বাবেই স্থগিত ৰখা হয় বুকিং ৷ বিগত বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ধ্যন কৰিছিল উক্ত গুহাটোত ৷ যাৰ বাবে এই গুহাটোক 'মোডী গুহা' হিচাপেও নামাকৰণ কৰিছিল একাংশ ভক্তই ৷

চলিত বৰ্ষত বুকিং ন'হল কেদাৰনাথ মন্দিৰৰ ৰুদ্ৰ গুহা তথা মোডী গুহা

তথ্য অনুসৰি, মহামাৰী কৰ'ণা সংকটৰ মাজতে 1 জুলাইৰ পৰা আৰম্ভ হোৱা ছাৰধাম যাত্ৰাত বৰ্তমানলৈকে প্ৰায় 25 হাজাৰ ভক্তই কেদাৰনাথ মন্দিৰৰ যাত্ৰা কৰে ৷ কিন্তু কোনো ভক্তই ধ্যানৰ বাবে বুকিং কৰা নাই গুহাটো ৷

আনহাতে, ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত গড়ৱাল মণ্ডল বিকাশ নিগমৰ নিৰ্দেশকে ইভা আশীষ শ্ৰীবাস্তৱে মহামাৰী কৰ'ণা সংকটৰ বাবেই গুহাৰ বুকিং প্ৰক্ৰিয়া স্থগিত ৰখা হয় বুলি মত প্ৰকাশ কৰে ৷ লগতে কয় যে, বিগত বৰ্ষৰ জুন মাহৰ পৰাই এই গুহাটো দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হৈছিল ৷ জুনৰ পৰা অক্টোবৰ মাহ পৰ্যন্ত এই গুহাটোত প্ৰায় 1 লাখ 50 হাজাৰ টকা ৰাজহ আদায় হয় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই গুহাটোত ধ্যান কৰাৰ পৰাই পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল গুহাটো ৷ কিন্তু চলিত বৰ্ষত ত্ৰাস সৃষ্টি কৰা মহামাৰী কৰ'ণাৰ বাবেই এই পৰ্যন্ত গুহাটো কোনো পৰ্যটকে বুকিং কৰা নাই ৷

আৰু পঢ়কঃ স্বচ্ছ সৰ্বেক্ষণ 2020ঃ প্ৰধানমন্ত্ৰী মোডীৰ সমষ্টি বাৰাণসীয়ে লাভ কৰিলে "বেষ্ট গংগা টাউন এৱাৰ্ড"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.