ETV Bharat / bharat

মিজোৰামত লক ডাউন বৃদ্ধিৰ সম্ভাৱনা

author img

By

Published : Apr 13, 2020, 10:24 AM IST

মিজোৰামৰ স্বাস্থ্য মন্ত্ৰী ডা৹ আৰ লালঠানগ্লিয়ানাই কয় যে ৰাজ্য চৰকাৰে নতুন নিয়মৰ সৈতে লক ডাউন বৃদ্ধি সম্পৰ্কে চিন্তা-চৰ্চা কৰি আছে। কৰ'ণা ভইৰাচ সংক্ৰমণ ৰোধৰ বাবে যোৱা 25 মাৰ্চৰ পৰা কাৰ্যকৰি হোৱাকৈ প্ৰধনমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লক ডাউন ঘোষণা কৰিছিল ।

মিজোৰামত লক ডাউন বৃদ্ধিৰ সম্ভাৱনা
মিজোৰামত লক ডাউন বৃদ্ধিৰ সম্ভাৱনা

নিউজ ডেস্ক, 13 এপ্ৰিলঃ 14 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জাৰি কৰা দেশৰ 21 দিনীয়া লকডাউন সমাপ্ত হ'ব । এই লক ডাউনৰ সময় বঢ়াবলৈ মিজোৰাম চৰকাৰ আৰু কেবিনেটে চিন্তা-চৰ্চা কৰিছে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে ।

কৰ'ণা ভইৰাচ সংক্ৰমণ ৰোধৰ বাবে যোৱা 25 মাৰ্চৰ পৰা কাৰ্যকৰি হোৱাকৈ প্ৰধনমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লক ডাউন ঘোষণা কৰিছিল ।

প্ৰধানমন্ত্ৰী মোডীয়ে লক ডাউন বৃদ্ধিৰ প্ৰসংগত আলোচনা কৰিবলৈ শনিবাৰে ৰাজ্যসমূহৰ মুখ্য়মন্ত্ৰীৰ সৈতে ভিডিঅ' কনফাৰেন্স যোগে এক বৈঠকত মিলিত হৈছিল । অৱশ্যে লক ডাউন বৃদ্ধি সম্পৰ্কে মোডীয়ে এই মুহূৰ্তলৈ কোনো আনুষ্ঠানিক ঘোষণা আগবঢ়োৱা নাই ।

মিজোৰামৰ স্বাস্থ্য মন্ত্ৰী ডা৹ আৰ লালঠানগ্লিয়ানাই কয় যে, সোমবাৰে ৰাজ্যখনৰ কেবিনেট মিলিত হৈ লক ডাউন বৃদ্ধি সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰিব ।

মিজোৰামত এই প্ৰৰ্যন্ত এটা COVID-19 পজিটিভ কেচ পোৱা গৈছ । কিন্তু লক ডাউন উঠোৱাৰ পাচত চুবুৰীয়া অঞ্চলৰ পৰা যোৱা লোক বা অন্য ৰাজ্যৰ পৰা অহা লোকৰ পৰা এই ৰোগ বিয়পিব পৰাৰ শংকা আছে । মিজোৰামে অসম, মণিপুৰ আৰু ত্ৰিপুৰাৰ লগতে বাংলাদেশ আৰু ম্যানমাৰৰ সৈতে 722 কিলমিটাৰ আন্তৰাষ্ট্ৰীয় সীমান্ত স্পৰ্শ কৰি আছে ।

আনহাতে লকডাউনৰ ফলত দেশ-বিদেশৰ ভিন্ন প্ৰান্তত আবদ্ধ হৈ পৰা মিজো লোকসকলক লৈ চৰকাৰ চিন্তিত বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.