ETV Bharat / bharat

ক‘ভিড-19 : মিজোৰামত দেশৰ ভিতৰত সবাতোকৈ কম ৰোগীৰ মৃত্যু - জৰাম মেডিকেল কলেজ

মিজোৰামত 24 মাৰ্চ, 2020 তাৰিখে নেডাৰলেণ্ডৰ পৰা অহা প্ৰথমগৰাকী কৰ‘ণা ৰোগী ধৰা পৰিছিল ৷ আনহাতে 1 জুন তাৰিখে বহিঃৰাজ্যৰ পৰা উভতি অহা প্ৰথমগৰাকী মিজোৰামৰ প্ৰৱাসী শ্ৰমিক কৰ‘ণাত আক্ৰান্ত হিচাপে ধৰা পৰে ৷ পৰিসংখ্যা মতে ৰাজ্যখনত ক’ভিড-19 আক্ৰান্তৰ মৃত্যুৰ হাৰ দেশৰ ভিতৰতে সৰ্বনিম্ন ৷

mizoram latest covid update
ক‘ভিড-19ঃ মিজোৰামত দেশৰ ভিতৰত সবাতোকৈ কম ৰোগীৰ মৃত্যু
author img

By

Published : Dec 31, 2020, 7:06 PM IST

আইজল, 31 ডিচেম্বৰ : বিশ্বজুৰি অব্যাহত আছে কৰ‘ণাৰ সংহাৰ ৷ ভাৰততো 10 মিলিয়নতকৈ অধিক লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে প্ৰায় ডেৰ লাখ লোকে এই ভাইৰাছত আক্ৰান্ত হৈ কৰুণ মৃত্যুক আঁকোৱালি লৈছে ৷ তেনে সময়তে ভাৰতৰ ভিতৰত কৰ‘ণাত আক্ৰান্ত হৈ সবাতোকৈ কম সংখ্যক লোকৰ মৃত্যু হোৱা ৰাজ্য হিচাপে স্থান লাভ কৰিছে মিজোৰামে ৷ মিজোৰামত এই পৰ্যন্ত কৰ‘ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে 8 গৰাকী লোকৰ ৷ 2020 চনৰ 28 অক্টোবৰত মিজোৰামত প্ৰথম গৰাকী কৰ‘ণা ৰোগীৰ মৃত্যু হৈছিল ৷

mizoram latest covid update
ক‘ভিড-19ঃ মিজোৰামত দেশৰ ভিতৰত সবাতোকৈ কম ৰোগীৰ মৃত্যু

উল্লেখ্য যে, মিজোৰামত 24 মাৰ্চ,2020 তাৰিখে নেডাৰলেণ্ডৰ পৰা অহা প্ৰথমগৰাকী কৰ‘ণা ৰোগী ধৰা পৰিছিল ৷ যাৰ পাছতে ৰোগীজনক জ’ৰাম মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল ৷ আনহাতে 1 জুন তাৰিখে বহিঃৰাজ্যৰ পৰা উভতি অহা প্ৰথমগৰাকী মিজোৰামৰ প্ৰৱাসী শ্ৰমিক কৰ‘ণাত আক্ৰান্ত হিচাপে ধৰা পৰে ৷ মিজোৰামৰ 11 জিলাৰ ভিতৰতে ৰাজধানী আইজল জিলাত সৰ্বাধিক কৰ‘ণাত আক্ৰান্ত হৈ 7 গৰাকী লোকৰ মৃত্যু হয় আৰু 63 গৰাকী সক্ৰিয় ৰোগী আছে ৷

লগতে পঢ়ক: শৌৰ্য্য চক্ৰ বঁটা প্ৰাপকৰ হত্যাৰে জড়িত খালিস্তানী সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.