নিউজ ডেস্ক, ৮ জুলাই : The Massachusetts Institute of Technology আৰু Harvard University য়ে অধ্যয়ণ কৰি থকা বিদেশী শিক্ষাৰ্থী সকলৰ ভিজা নিষেধাজ্ঞ কৰিবলৈ Department of Homeland Security আৰু US Immigration and Customs Enforcement ৰ ওচৰত অভিযোগনামা দাখিল কৰিছে । বিশ্ববিদ্যালয়খনৰ in house নামৰ বাতৰি কাকত খনত প্ৰকাশ পাইছে এই তথ্য ।
Immigration and Customs Enforcement ৰ ফালৰ পৰা সোমবাৰে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত ২০২০ চনত যি সমূহ শিক্ষানুষ্ঠানত অনলাইনৰ মাধ্যমৰে পৰীক্ষা অনুষ্ঠিত হ'ব সেই সমূহ শিক্ষাৰ্থী সকলে আমেৰিকাতে থাকিব পাৰিব বুলি উল্লেখ কৰে ।
উল্লেখ্য যে, মাৰ্কিন যুক্তৰাষ্ট্ৰত যি সমূহ বিদেশৰ শিক্ষাৰ্থীয়ে বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ত অধ্যয়ণ কৰি আছে তেওঁলোকে F-1 ভিজাৰ সহায়ত ৰাষ্ট্ৰখনত থকাৰ অনুমতি লাভ কৰে । একেদৰে ব্যৱসায়ী বা অন্য প্ৰতিষ্ঠানত নিয়োজিত হৈ থকা বিদেশী লোকে M-1 ভিজাৰ সহায়ত দেশখনত থকাৰ অনুমতি লাভ কৰে ।