নিউজ ডেস্ক, 23 আগষ্টঃ উত্তৰ প্ৰদেশত ধৰ্ম সলনি কৰি প্ৰেমিকৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ল এগৰাকী অপহৃত যুৱতী ৷ দৰাচলতে, শালিনী য়াদৱ নামৰ যুৱতীগৰাকীয়ে 29 জুনত পৰিয়ালক ফাঁকি দি প্ৰেমিক ফৈজলৰ সৈতে পলায় যায় ৷ 6 বছৰে ফৈজলৰ সৈতে প্ৰেমৰ সম্পৰ্ক শালিনীৰ ৷ লগে লগে পৰিয়ালৰ লোকে যুৱতীগৰাকীৰ বিচাৰ-খোচাৰ কৰে যদিও কোনো খবৰ নোপোৱাত শালিনীক অপহৰণ কৰা বুলি পৰিয়ালে এক গোচৰ ৰুজু কৰে ৷
লগতে পঢ়কঃ কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ক'ভিড-19 প'জিটিভ
পৰৱৰ্তী সময়ত যুৱতীগৰাকীয়ে ফেচবুকত এটা ভিডিঅ' ভাইৰেল কৰে ৷ যুৱতীগৰাকীয়ে কয় যে, তেওঁ স্ব-ইচ্ছাৰে ধৰ্মান্তৰণ কৰি প্ৰেমিক ফৈজলৰ সৈতে নিকাহ কৰিছে ৷ গতিকে তেওঁলোকৰ বিবাহক যাতে লাভ জেহাদ আখ্যা দিয়া নহয় ৷
ইতিমধ্যে যুৱতীগৰাকীয়ে নিজৰ নামটো সলনি কৰি ফিজা ফাতিমা কৰা বুলিও অৱগত কৰিছে ৷ আনহাতে উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷